ETV Bharat / state

মুকালমুৱাত জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদসংকুল যাত্ৰা

author img

By

Published : Aug 25, 2022, 6:00 PM IST

নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ এখন জৰাজীৰ্ণ কাঠৰ দলেঙে জীয়াতু ভগাইছে কেইবাখনো গাঁৱৰ ৰাইজক(Broken bridge in Nalbari)। জৰাজীৰ্ণ কাঠৰ দলংখনেৰে অতি বিপদসংকুল যাত্ৰা কৰিব লগীয়া হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে । বিধায়ক দিগন্ত বৰ্মনৰ প্ৰতিশ্ৰুতি অসাৰ ।

Broken bridge in Nalbari
মুকালমুৱাত জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদ শংকুল যাত্ৰা

নলবাৰী, ২৫ আগষ্ট: চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি দাবী কৰি অহাৰ সময়তে এখন ভগ্ন দলঙে যমৰ যাতনা খুৱাইছে নলবাৰী জিলাৰ মুকালমুৱাৰ কেইবাখনো গাঁৱৰ সহস্ৰাধিক ৰাইজক(Broken wooden bridge in Mukalmuwa) ৷ উক্ত ভগ্ন দলঙখনেৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি একাংশ লোকে মৰণত শৰণ দি বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে ৷

মুকালমুৱাত জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদসংকুল যাত্ৰা

জিলাখনৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ(Poor condition of rood in Nalbari)অন্তৰ্গত নাৰায়নপুৰ-মুকালমুৱা গাঁও পঞ্চায়তৰ সাপকাটাৰ পৰা ৩ নং কান্ধবাৰীলৈ যোৱা জলসম্পদ বিভাগৰ মথাউৰিত থকা এখন কাঠৰ দলঙে জীয়াতু ভোগাইছে পথচাৰীক(dangerous condition of bridge in Barkhetri) ৷ বৰলীয়া জানৰ ওপৰত থকা উক্ত কাঠৰ দলঙখন যাতায়তৰ অনুপযোগী হৈ পৰাত অঞ্চলটোৰ লোকসকলে অইন পথৰে যাতায়ত কৰিবলগীয়া হৈছে । ফলত ভীষণ সমস্যাত ভুগিছে ৰাইজে ৷

আনহাতে, উক্ত অঞ্চলটোৰ একাংশ লোক আৰু বিদ্যালয়ৰ বহুতো কণ কণ ছাত্ৰ-ছাত্ৰীয়ে মৰণত শৰণ দি ভঙা দলঙখনৰ ওপৰেৰেই বিপদজনক ভাৱে যাতায়ত অব্যাহত ৰাখিছে ৷ বিপদসংকুল যাত্ৰাৰ ফলতে কেইবাজনো লোক ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হোবা বুলি ৰাইজে উল্লেখ কৰিছে ৷ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা কাঠৰ দলঙখন মেৰামতিৰ বাবে স্থানীয় ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰি আহিছে যদিও আজিকোপতি মেৰামতি নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷

উল্লেখ্য় যে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনক স্থানীয় লোকসকলে দলঙখন মেৰামতিৰ বাবে আহ্বান জনাইছিল । তেওঁ নিৰ্বাচনত জয়ী হ'লে দুমাহৰ ভিতৰতে দলঙখন মেৰামতিৰ আশ্বাস দিছিল যদিও বিগত এবছৰে পিছে ইয়াৰ মেৰামতিহে নহল ৷ যাৰ ফলত আজিও অঞ্চলটোৰ লোকসকলে যমৰ যাতনা ভুগি আহিছে ৷

উক্ত অঞ্চলটোৰ লোকসকলে শীঘ্ৰেই দলঙখন মেৰামতি কৰি ৰাইজৰ যাতায়ত সুচল কৰি তুলিবলৈ জনপ্ৰতিনিধিৰ লগতে চৰকাৰক আহ্বান জনাইছে ৷ যদিহে চৰকাৰে দলঙখনৰ মেৰামতিৰ বাবে ব্য়ৱস্থা গ্ৰহণ নকৰে তেন্তে অহা লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰতুত্তৰ দিব বুলি ক্ষুব্ধ ৰাইজে সঁকীয়াই দিয়ে ।

লগতে পঢ়ক:ক্ষেত্ৰীত গৰুভৰ্তি বাহনৰ লগতে আটক চোৰাং সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.