ETV Bharat / state

কিহৰ স্বাৰ্থত তিনিবাৰকৈ উদ্বোধন নলবাৰী নাট্য মন্দিৰ ? - Ashok Sarma

মুখ্যমন্ত্ৰীয়ে শনিবাৰে উদ্বোধন কৰিব নলবাৰী নাট্য মন্দিৰ ৷ এবাৰ নহয়,দুবাৰ নহয়,তিনিবাৰকৈ উদ্বোধন কৰা হ'ব নলবাৰী নাট্য মন্দিৰ । চমক সৃষ্টিৰে চৰকাৰী ধনৰ ব্যাপক অপচয়ৰ অভিযোগ দল-সংগঠনৰ ৷

কিহৰ স্বাৰ্থত তিনিবাৰকৈ উদ্বোধন নলবাৰী নাট্য মন্দিৰ?
author img

By

Published : Aug 10, 2019, 2:27 PM IST

নলবাৰী, 10 আগষ্টঃ নলবাৰী চহৰৰ মাজমজিয়াত থকা একমাত্ৰ নাট্যমন্দিৰটোক লৈ এতিয়া ৰাজনীতিৰ চাকনৈয়াত বন্দী হৈ পৰাত কলা- সংস্কৃতি প্ৰেমী ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এবাৰ নহয়,দুবাৰ নহয়,তিনিবাৰকৈ উদ্বোধন কৰা হ'ব নলবাৰী নাট্য মন্দিৰ । নলবাৰীবাসীৰ স্বাভিমান এই নাট্য মন্দিৰটোত যুগ যুগ ধৰি নাট চৰ্চা,নাট প্ৰতিযোগিতা,গীত,নৃত্য আদিৰ লগতে বিভিন্ন সৃষ্টিশীল আলোচনাচক্ৰ,কৰ্মশালা আদি অনুষ্ঠিত হৈ আহিছে । নলবাৰীৰ অগ্ৰণী সমাজকৰ্মী নগেন শৰ্মা আছিল নাট্য মন্দিৰটোৰ আধুনিক ৰূপৰ স্ৰষ্টা ৷ কিন্তু বিগত প্ৰায় এটা দশকজুৰি ৰাজনৈতিক দলৰ বাবে একপ্ৰকাৰৰ ৰাজহুৱা কামৰ চমক সৃষ্টিৰ পৰীক্ষাগাৰলৈ পৰ্যবেক্ষিত হৈ পৰিছে নলবাৰীৰ ঐতিহ্যমণ্ডিত নাট্যমন্দিৰটো ৷ কেৱল মাত্ৰ আধুনিকীকৰণৰ অজুহাত দেখুৱাই চৰকাৰী কৰ্তৃপক্ষই এবাৰ নহয়, দুবাৰ নহয় এই পৰ্যন্ত তিনিবাৰকৈ উদ্বোধন কৰা হ’ব নাট্যমন্দিৰটো ৷ ২০০৮ চনৰ ১৮ এপ্ৰিলত এই নাট্যমন্দিৰটোক নতুনকৈ নিৰ্মাণ কৰাৰ পিছত নৱনিৰ্মিত ভৱনৰ উদ্বোধন কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । ইয়াৰ পিছত ২০১৮ চনৰ ১৮ আগষ্টত আকৌ মুকলি কৰা হয় নলবাৰী নাট্য মন্দিৰ । আন টাইড পুঁজিৰে কিছু মেৰামতি কৰাৰ অন্তত সিদিনা পুনৰ নাট্য মন্দিৰ মুকলি কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই । এতিয়া আজি অৰ্থাৎ ১০ আগষ্টত এই নাট্য মন্দিৰ পুনৰ মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । জানিব পৰা মতে এইবাৰ বিধায়ক পুঁজিৰ ৭০ লাখ টকাৰ ধনেৰে নাট্য মন্দিৰত নতুন চকীৰ ব্যৱস্থা কৰা হৈছে আৰু শীত তাপ নিয়ন্ত্ৰিত গৃহ হিচাপে গঢ়ি তোলা হৈছে । এনেদৰে একেটা নাট্য মন্দিৰকে আজিলৈ তিনিবাৰ উদ্বোধন কৰাটোৰ আঁৰত চৰকাৰৰ সঁচায়েই নাট্যমন্দিৰটোৰ আন্তঃগাঁঠনিৰ উন্নয়নৰ প্ৰতি থকা সদ্দিচ্ছাক প্ৰদৰ্শিত কৰিছে নে ই মাথোন ক্ষন্তেকীয়া কামৰ চমক সৃষ্টি তাক লৈ নলবাৰীৰ সচেতন ৰাইজে প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

Intro:
👉তিনিবাৰকৈ উদ্বোধন নলবাৰী নাট্য মন্দিৰ
👉আজি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে
👉নাট্য মন্দিৰৰ নামত 'নাটক'Body:
এবাৰ নহয়,দুবাৰ নহয়,তিনিবাৰকৈ উদ্বোধন কৰা হব নলবাৰী নাট্য মন্দিৰ। নলবাৰী চহৰৰ মাজমজিয়াত থকা একমাত্ৰ নাট্যমন্দিৰটোক লৈ এতিয়া এনেদৰে ৰাজনীতিৰ চাকনৈয়াত বন্দী হৈ পৰাত কলা- সংস্কৃতি প্ৰেমী ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই নাট্য মন্দিৰ নলবাৰী বাসী ৰাইজৰ স্বাভিমান।যুগ যুগ বছৰ ধৰি নাট চৰ্চা,নাট প্ৰতিযোগিতা,গীত,নৃত্য আদিৰ লগতে বিভিন্ন সৃষ্টিশীল আলোচনাচক্ৰ,কৰ্মশালা আদি অনুষ্ঠিত হৈ আহিছে।মূলতঃ নলবাৰী নাট্য মন্দিৰক আধুনিক ৰূপ দিছিল দেশপ্ৰাণ নগেন শৰ্মাই।কিন্তু ৰাজনীতিৰ হাতোৰাৰ কোবত তেওঁৰ নাম -নিচানেই নোহোৱা হল।উল্লেখযোগ্য ২০০৮ চনৰ ১৮ এপ্ৰিলত এই নাট্যমন্দিৰটোক নতুনকৈ নিৰ্মান কৰাৰ পিছত উদ্বোধন কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।ইয়াৰ পিছত ২০১৮ চনৰ ১৮ আগষ্টত আকৌ মুকলি কৰা হয় নলবাৰী নাট্য মন্দিৰ।আন টাইড পুঁজিৰে কিছু মেৰামতি কৰাৰ অন্তত সিদিনা পুনৰ নাট্য মন্দিৰ মুকলি কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই।এতিয়া আজি অৰ্থাৎ ১০ আগষ্টত এই নাট্য মন্দিৰ পুনৰ মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এনেদৰে একেটা নাট্য মন্দিৰকে আজিলৈ তিনিবাৰ উদ্বোধন কৰা হবা।জানিব পৰা মতে এইবাৰ বিধায়ক পুঁজিৰ ৭০ লাখ টকাৰ ধনেৰে নাট্য মন্দিৰত নতুন চকীৰ ব্যৱস্থা কৰা হৈছে আৰু শীত তাপ নিয়ন্ত্ৰিত গৃহ হিচাপে গঢ়ি তোলা হৈছে।এই ৭০ লাখ টকাৰ ঠিকা লৈছিল ঠিকাদাৰ অনুপ দাসে।যাৰ বাবে বিধায়কজন সমালোচনাৰ সন্মুখীন হব লগা হৈছে।কিন্তু নাট্য মন্দিৰৰ গাতে লাগি থকা জিলা পুথিভঁৰাল আজি পোন্ধৰ বছৰ ধৰি কাৰ্যক্ষম হৈ নুঠিল।আনহাতে নলবাৰীৰ হৰি মন্দিৰৰ অতিথিশালাও আজিও সম্পূৰ্ণ হৈ নুঠাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰসৃষ্টি হৈছে।ইপিনে ৰাজনীতিৰ পাকচক্ৰত পৰি কলা-সংস্কৃতিৰ ধ্বজ বহনকাৰী এই নাট্য মন্দিৰ তিনিবাৰকৈ উদ্বোধন কৰা বিষয়টোৱে নলবৰীৰ স্বাভিমানত আঘাত হনা বুলি সৰ্বত্ৰতে চৰ্চিত হৈছে।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.