ETV Bharat / state

ৰোগাক্ৰান্ত মানসক আপোনাৰ সহায়ৰ প্ৰয়োজন

author img

By

Published : Jul 5, 2020, 7:09 PM IST

Updated : Jul 5, 2020, 7:32 PM IST

নলবাৰী জিলাৰ বৰভাগৰ পাণ্ডুলা গাঁৱৰ কমাৰতোলা চুবুৰীৰ গিৰীশ কলিতা আৰু নিৰ্মালী কলিতাৰ দ্বিতীয় পুত্ৰ মানস জ্যোতি কলিতা প্ৰায় দুবছৰে জটিল বৃক্ক ৰোগত আক্ৰান্ত হৈ আছে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ ল’ৰা মানসৰ উন্নত চিকিৎসাৰ বাবে এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন ৷

নলবাৰীৰ এজন ছাত্ৰৰ কৰুণ গাঁঠা
নলবাৰীৰ এজন ছাত্ৰৰ কৰুণ গাঁঠা

নলবাৰী, 5 জুলাই : নলবাৰীৰ এজন ছাত্ৰৰ কৰুণ গাঁঠা । জিলাখনৰ বৰভাগৰ পাণ্ডুলা গাঁৱৰ কমাৰতোলা চুবুৰীৰ গিৰীশ কলিতা আৰু নিৰ্মালী কলিতাৰ দ্বিতীয় পুত্ৰ মানস জ্যোতি কলিতা প্ৰায় দুবছৰে আক্ৰান্ত হৈ আছে জটিল বৃক্ক ৰোগত । কোনোমতে দিন-হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মানসৰ পৰিয়ালটোৱে হেৰুৱাই পেলাইছে দিক-বিদিক ৷ 17 বছৰীয়া মানস ৰোগাক্ৰান্ত হৈ থকাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হৈছে ৷ উল্লেখ্য যে, ইয়াৰ এবছৰ পূৰ্বে বৃক্ক ৰোগতে আক্ৰান্ত হৈ মানসৰ ডাঙৰ ককায়েকৰ মৃত্যু হৈছিল ৷

নলবাৰীৰ এজন ছাত্ৰৰ কৰুণ গাঁঠা

ইতিমধ্যে মানসৰ গুৱাহাটীস্থিত হেল্থ চিটী হাস্পতালত চিকিৎসা চলি আছে যদিও লক ডাউনৰ বাবে টকা যোগাৰ কৰিবৰ বাবে কামলৈ যাব পৰা নাই মানসৰ পিতৃয়ে ৷ উন্নত চিকিৎসাৰ বাবে মানসক প্ৰায় 10 লাখ টকাৰ প্ৰয়োজন ৷ সেয়েহে চিন্তিত হৈ পৰিছে পৰিয়ালটি ৷

উপায়হীন হৈ বিভিন্ন দল-সংগঠনৰ লগতে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে অনুৰোধ কৰিছে মানস আৰু পৰিয়ালে । ইয়াৰোপৰি, সদাশয় লোকে মানসক সহায়ৰ হাত আগৱঢ়াব বিচাৰিলে 6001355457 নম্বৰত যোগাযোগ কৰিব পাৰে বুলি ছাত্ৰজনৰ পৰিয়ালে জানিবলৈ দিয়ে । আনহাতে, কলাগ ষ্টেট বেংক শাখাৰ একাউণ্ট নম্বৰ 38690724526 (IFSC- SBIN0007006)তো আৰ্থিক সহায় আগবঢ়াব পাৰিব ৷

লগতে পঢ়ক : বিধায়কৰ বাসগৃহ ঘেৰাও কৰিলে প্ৰতিবাদকাৰীয়ে

Last Updated : Jul 5, 2020, 7:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.