ETV Bharat / state

নলবাৰীত ৯১৮৬ টা পৰিয়ালক নতুন ৰেচন কাৰ্ড প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 5:27 PM IST

Minister Jayanta Mallabaruah: বৃহস্পতিবাৰে নলবাৰীত ৯১৮৬ টা পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ উক্ত ৰেচন কাৰ্ডৰ জৰিয়তে তিনিটাকৈ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

ration card in nalbari
নলবাৰীত ৯১৮৬ টা পৰিয়ালক নতুন ৰেচন কাৰ্ড প্ৰদান
নলবাৰীত ৯১৮৬ টা পৰিয়ালক নতুন ৰেচন কাৰ্ড প্ৰদান

নলবাৰী, ১৮ জানুৱাৰী : আজি নলবাৰীত বিতৰণ কৰা হ’ল ৰেচন কাৰ্ড ৷ নতুনকৈ দিয়া হ’ল ৰেচন কাৰ্ড আৰু উক্ত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

৩৯ নং নলবাৰী বিধানসভা সমষ্টিভিত্তিত আজি ৰেচন কাৰ্ডসমূহ বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে । নলবাৰী বিধানসভা সমষ্টিৰ ভিত্তিত ৯১৮৬ টা পৰিয়াললৈ নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰা হয় ৷ এই ৰেচন কাৰ্ডৰ জৰিয়তে নলবাৰী সমষ্টিৰ ২৯০৪১ গৰাকী হিতাধিকাৰী উপকৃত হ’ব বুলি সদৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ।

উল্লেখ্য যে নলবাৰীত মুঠ ১,৮৩,৮৯৫ খন ৰেচন কাৰ্ড আছে ৷ আজি এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান উদ্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই ৰেচন কাৰ্ডৰ জৰিয়তে বঞ্চিত দুখীয়া লোকসকল উপকৃত হ’ব বুলি মন্তব্য কৰে ৷

বছৰি চাৰি লাখ টকা উপাৰ্জন কৰা লোকক এই আঁচনিৰ অধীনত এই ৰেচন লাভ কৰিব কাৰ্ড লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ অন্ত্যোদয়া কাৰ্ডৰ জৰিয়তে প্ৰতিটো পৰিয়ালে ৩৫ কিলোগ্ৰাম চাউল লাভ কৰাৰ লগতে প্ৰায়ৰিটি হাউচ হোল্ড কাৰ্ডৰ জৰিয়তে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক পাঁচ কিলোগ্ৰামকৈ চাউল দিয়া হ’ব বুলিও মন্তব্য কৰে ।

অসমৰ সকলো ৰেচন কাৰ্ড থকা পৰিয়ালে পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীয়ে উজ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছৰ সংযোগ লাভ কৰিব বুলিও জানিবলৈ দিয়ে ।

এখন ৰেচন কাৰ্ড পোৱা মানে তিনিটাকৈ সুবিধা লাভ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । ভৱিষ্যতে এই ৰেচন কাৰ্ডৰ জৰিয়তে জীৱন বীমাৰ সুবিধাও লাভ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও ভাষণ প্ৰসংগত কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । আনহাতে আজিৰ ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত ৰাইজক অৱগত নকৰাকৈ অনুষ্ঠানলৈ নহা সুলভ মূল্যৰ দোকানীসকলৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰো হুংকাৰ প্ৰদান কৰে জয়ন্ত মল্লবৰুৱাই ।

ইয়াৰোপৰি চিকিৎসাৰ ক্ষেত্ৰত আয়ুষ্মান কাৰ্ড সংলগ্ন নকৰা ব্যক্তিগত হাস্পতালসমূহকো শেষ সকীয়নি প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । যদি আয়ুষ্মান কাৰ্ডৰ সুবিধা কোনো ব্যক্তিগত হস্পাতালে অৱজ্ঞা কৰে তেন্তে তেনেকুৱা হাস্পতালৰ বিৰুদ্ধে তাৎক্ষণিক পদক্ষেপ ল’বলৈও সাজু বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰোপৰি এই ক্ষেত্ৰত ব্যক্তিগত হাস্পতালসমূহৰ লগত ইয়াৰ এক আলোচনাত মিলিত হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

লগতে পঢ়ক: জোনাইত ১৩,৩০৯ গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.