ETV Bharat / state

টিহুত লুৰিণ জ্যোতি গগৈক উষ্ম আদৰণি

author img

By

Published : Dec 25, 2020, 7:01 PM IST

'অসম জাতীয় পৰিষদ'ৰ সভাপতি লুৰিণ জ্যোতি গগৈক শুকুৰবাৰে টিহুত উষ্ম আদৰণি জনায় । লুৰিণ জ্যোতি গগৈৰ লগতে দলটোৰ কেন্দ্ৰীয় নেতা জগদীশ ভূঞা, পবিন্দ্ৰ ডেকা, চিত্তৰঞ্জন বসুমতাৰী সহ দলটো টিহুৰ নাথকুছিত উপস্থিত হোৱাৰ লগে লগে পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ লগতে ফুলাম গামোচা, শৰাই আদিৰে অভিনন্দন জনায় ।

lurin-jyoti-gogoi-welcome-at-tihu
টিহুত লুৰিণ জ্যোতি গগৈক উষ্ম আদৰণি

নলবাৰী, 25 ডিচেম্বৰ : অসমত নতুনকৈ জন্মলাভ কৰা আঞ্চলিক ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদ'ৰ সভাপতি লুৰিণ জ্যোতি গগৈক শুকুৰবাৰে টিহুত উষ্ম আদৰণি জনায় । লুৰিণ জ্যোতি গগৈৰ লগতে দলটোৰ কেন্দ্ৰীয় নেতা জগদীশ ভূঞা, পবিন্দ্ৰ ডেকা, চিত্তৰঞ্জন বসুমতাৰী সহ দলটো টিহুৰ নাথকুছিত উপস্থিত হোৱাৰ লগে লগে পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ লগতে ফুলাম গামোচা, শৰাই আদিৰে অভিনন্দন জনায় ।

লুৰিণ জ্যোতি গগৈৰ মন্তব্য

লগতে পঢ়ক : ছয়গাঁৱত পথ দুৰ্ঘটনাত নিহত ট্ৰেক্টৰ চালক

ইয়াৰ পিচতে টিহুৰ নাথকুছি শিৱ মন্দিৰত আঁঠুলৈ ভৱানীপুৰৰ উজান বৰবৰীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ বাসগৃহলৈ ৰাওনা হয় লুৰিণজ্যোতি গগৈ সহ দলটো । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লুৰিণ জ্যোতি গগৈয়ে সুবিধাবাদী ৰাষ্ট্ৰীয় দলৰ তলত আঁঠু লোৱা এজিপিৰ লগত এজেপিয়ে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দি এজিপিয়ে ভেজাল জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰা বুলি মন্তব্য কৰে ।

এজিপিক বাদ দি বাকী আঞ্চলিকতাবাদী দলৰ লগত এজেপিৰ মিত্ৰতা হ'ব বুলি কয় গগৈয়ে । ভোট বিভাজন হলে বিজেপি-কংগ্ৰেছে লাভান্বিত হ'ব বুলি কৈ জাতিৰ সংকট মৰিষণ কৰাৰ বাবে এজেপিয়ে লক্ষ স্থিৰ কৰিছে বুলি উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক : গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন চৰ-চাপৰিৰ নিৰ্বাচিত 'অসমীয়া কবিতা'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.