ETV Bharat / state

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিত খাদ্য সংকটত কণ কণ শিশু

author img

By

Published : Apr 23, 2020, 4:35 PM IST

কণ কণ শিশুৰ বাবে ক্ৰয় কৰিব পৰা নাই প্ৰয়োজনীয় প্ৰ'টিন যুক্ত খাদ্য সামগ্ৰী ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কাতৰ অনুৰোধ কৰিছে দৰিদ্ৰ পৰিয়ালৰ লোকসকলে ৷

lockdown impact to the child on  Nalbari
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিত খাদ্য সংকতত ভুগিছে কণ কণ শিশু

নলবাৰী, 23 এপ্ৰিলঃ লক ডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে খাদ্য সংকটে ৷ ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠনে দৰিদ্ৰ পৰিয়ালক খাদ্যৰ যোগান ধৰাৰ পাছতো বৰ্তমানেও খাদ্য সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত একাংশ লোক এতিয়াও বঞ্চিত হৈ আছে ৷ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিতো খাদ্যৰ অভাৱত ভুগিব লগা হৈছে দৰিদ্ৰ পৰিয়ালৰ লোকসকল ৷ আনকি লক ডাউনৰ বাবে গৃহবন্দী হৈ থকাৰ ফলত কণ কণ শিশুৰ বাবে ক্ৰয় কৰিব পৰা নাই প্ৰয়োজনীয় প্ৰ'টিন যুক্ত খাদ্য সামগ্ৰী ৷ ইপিনে সমাজ কল্যাণ বিভাগৰ জৰিয়তেও শিশুসকলক কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান নধৰাৰ ফলত সমস্যাত পৰিব লগা হৈছে দৰিদ্ৰ পৰিয়ালৰ লোকসকল ৷ ইয়াৰ উপৰি বিভাগীয়ভাৱে শিশু সকলৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰিব নোৱাৰাৰ কথা ব্যক্ত কৰিছে অংগনবাড়ী কৰ্মীসকলে ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উপায়হীন হৈ শিশু সকলৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কাতৰ অনুৰোধ কৰিছে দৰিদ্ৰ পৰিয়ালৰ লোকসকলে ৷

লগতে পঢ়কঃ মহানগৰীত চাদত জৈৱিক পাচলিৰ খেতি কৰা লোকজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.