নলবাৰী, 23 অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী হৰিমন্দিৰ প্ৰাংগণতো কৰ'ণা ভাইৰাছৰ ভয়াৱহতাক লৈ চৰকাৰৰ নীতি নিয়ম মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে দেৱী দুৰ্গাৰ পূজাভাগ ৷ কোভিড-19 ৰ বাবে চৰকাৰে বান্ধি দিয়া সকলো নীতি নিয়ম মানি চলাৰ লগতে হাতধোৱা সামগ্ৰী, চেনিটাইজাৰ, হৰ্ডিং আদি লগোৱা হৈছে হৰিমন্দিৰৰ পূজা মণ্ডপৰ চৌহদত ৷
উল্লেখ্য যে, শতবৰ্ষ গৰকা এইখন দুৰ্গা পূজা ৷ কিন্তু এইবাৰ পূজাস্থলীত পূৰ্বৰ দৰে নাই ভক্তৰ ভিৰ ৷ জাকজমকতা বিহীন ভাৱেই নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰেই এইবাৰ আয়োজন কৰা হৈছে নলবাৰী হৰিমন্দিৰ প্ৰাংগণৰ দুৰ্গা পূজা ৷
লগতে পঢ়কঃ অনাময় আঁচনি কেলেংকাৰীঃ জেল-হাজোতলৈ প্ৰেৰণ কণিষ্ঠ অভিযন্তা নাছিৰুদ্দিনক