নলবাৰী,৪ জুন: নলবাৰীৰ হৰিপুৰত ভয়ংকৰ অগ্নিকাণ্ড । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ জ্বলি উঠিল এখন ডাম্পাৰ । এই ঘটনাত আহত ডাম্পাৰখনৰ চালক । জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ বাবে ডাম্পাৰ খন মেৰামতি কৰিবলৈ লওঁতেই বৈদ্যুতিক তাৰত লাগি মুহূৰ্ততে জ্বলি উঠে ডাম্পাৰ খন ।

প্ৰায় আধা ঘন্টা ধৰি ডাম্পাৰখন জ্বলি থকাৰ পিছত অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় । ইফালে অগ্নিদগ্ধ ডাম্পাৰ খনৰ আহত চালক জনক ভৰ্তি কৰোৱা হৈছে নলবাৰী অসামৰিক চিকিৎসালয়ত।