নলবাৰী,22 মে': নলবাৰীৰ বৰভাগৰ এজন যুৱকৰ প্ৰসংশনীয় পদক্ষেপ ৷ কৰ'ণা ভাইৰাছৰ বাবে প্ৰস্তুত কৰা ভেকচিনৰ পৰীক্ষাৰ বাবে নলবাৰীৰ বৰভাগৰ কমাৰকুছি গাওঁৰ ত্ৰিদিপ নাৰায়ণ পাটোৱাৰী নামৰ যুৱকজনে দান কৰিলে নিজৰ শৰীৰ ৷ দেশৰ বাবে কিবা এটা কৰাৰ হেঁপাহেৰে স্বইচ্ছাই নিজৰ শৰীৰ দান কৰাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে ত্ৰিদিপে ৷ইতিমধ্যে এই সম্পৰ্কত ৰাজ্য চৰকাৰলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে যুৱকজনে ৷ আনহাতে পুত্ৰৰ এই কাৰ্যক লৈ গৌৰৱান্বিত ত্ৰিদিপৰ মাতৃও ৷একমাত্ৰ সন্তান ত্ৰিদীপৰ শৰীৰ দান কৰা সিদ্ধান্তক লৈ কোনো ধৰণৰ আক্ষেপ নাই বুলি কয় ত্ৰিদিপৰ মাতৃগৰাকীয়ে ৷
লগতে পঢ়কঃদিহিং পাটকাইত 250 বছৰৰ পৰা চলি আহিছে কয়লা খননঃ পৰিমল শুক্লবৈদ্য