ETV Bharat / state

CM in Nalbari Bashanti Puja: বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তি পূজাত সেৱা ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Mar 31, 2023, 10:57 PM IST

75 বছৰত ভৰি দিলে নলবাৰীৰ ঐতিহ্যমণ্ডিত বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাই ৷ বাসন্তী পূজাত আশীষ গ্ৰহণ কৰে ৰাজ্যৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM in Nalbari Bashanti Puja)৷

CM Himanta Biswa Sarma In Nalbari Bashanti Puja
বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তি পূজাত সেৱা ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নলবাৰী, ৩১ মাৰ্চ: শুকুৰবাৰে নলবাৰীত ঐতিহ্যমণ্ডিত বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM in Nalbari Bashanti Puja)। বাসন্তী পূজাত সেৱা কৰিয়েই ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে (CM Himanta Biswa Sarma In Nalbari )। বগুৰীহাটী বাসন্তী পূজা মন্দিৰৰ বাবে পঞ্চাশ লাখ টকাৰ অনুদানৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

অনাগত দিনত অৰুণোদয় আঁচনিৰ অধীনত পুনৰ 8 লাখ লোকক অন্তৰ্ভুক্ত কৰা হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ যিসকল লোকৰ ৰেচন নাই সেইসকল লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব ৷ ৰেচন কাৰ্ড দেখালেই হিতাধিকাৰীয়ে বছৰি পাঁচ লাখ টকা লৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব ৷ ইপিনে আত্ম সহায়ক গোটৰ প্ৰতি গৰাকী সদস্যক প্ৰত্যক্ষভাৱে চৰকাৰী আৰ্থিক অনুদান দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে (Himanta Biswa Sarma In Nalbari Bashanti Puja)। পূজাভাগক কেন্দ্ৰ কৰি সকলো লোক একত্ৰিত হৈ থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে । আজি বাসন্তী পূজাৰ বিজয়া দশমী বিহিত পূজা।

ইফালে গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কেইবাটাই বিষয়ত মন্তব্য প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক উদ্দেশ্যি কয় যে,ৰাহুল‌ গান্ধী এগৰাকী নৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত লোক । ৰাহুল গান্ধীয়ে নিজে 2013 চনত অপৰাধীৰ সাংসদ‌ পদ‌ খাৰিজ কৰা সন্দৰ্ভত তদানীন্তন কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে সংসদত অনা সংশোধনী বিধেয়কখনৰ ৰাজহুৱাভাৱে বিৰোধিতা কৰি ফালি পেলাইছিল ।

এতিয়া তাৰে ফল ভুগিছে ৰাহুল‌ গান্ধীয়ে (Assam CM slams Rahul Gandhi) ।তেওঁ লগতে কয় যে, এসময়ত অপৰাধীৰ সাংসদ‌ পদ‌ খাৰিজ কৰা সন্দৰ্ভত দৃঢ়তাৰে থিয় দিয়া বিষয়টোক বিৰোধিতা কৰাৰ‌ বাবে কংগ্ৰেছৰ সভাপতি‌ মল্লিকাৰ্জুন খৰ্গেক ৰাহুল গান্ধীয়ে বিপথে পৰিচালিত কৰিছে ।

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, মোৰ ৰাজনৈতিক জীৱনত ৰাহুল‌ গান্ধীৰ নিচিনা নৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক দেখা নাছিলোঁ (Rahul Gandhi disqualified as MP) ।

লগতে পঢ়ক: Wild elephant prayer at Ganesh temple : গণেশ মন্দিৰত বন্যহস্তীৰ প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.