ETV Bharat / state

BJP Observes Kargil Day in Nalbari: নলবাৰীত বিজেপিৰ কাৰ্গিল বিজয় দিৱসত সমদল - নলবাৰীত বিজেপিৰ কাৰ্গিল বিজয় দিৱসত সমদল

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো মঙলবাৰে জিলা বিজেপিৰ উদ্য়োগত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস(BJP Observes Kargil Day in Nalbari)। ২০০ মিটাৰ দৈৰ্ঘ্যৰ ত্ৰিৰংগা পতাকাখন লৈ চহৰৰ মাজেৰে উলিওৱা এই সমদলটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

BJP Observes Kargil Day in Nalbari
নলবাৰীত বিজেপিৰ কাৰ্গিল বিজয় দিৱসত সমদল
author img

By

Published : Jul 27, 2022, 10:41 AM IST

নলবাৰী, ২৭জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো মঙলবাৰে পালন কৰা হ'ল কাৰ্গিল বিজয় দিৱস । মঙলবাৰে সন্ধিয়া নলবাৰী চহৰত জিলা বিজেপিৰ নেতৃত্বত কাৰ্গিল বিজয় দিৱস উপলক্ষে উলিওৱা হয় এক বৃহৎ সমদল(BJP Observes Kargil Day in Nalbari)। বিজেপিয়ে ত্ৰিৰংগা যাত্ৰা কৰি সুঁ‌ৱৰিলে কাৰ্গিল যুদ্ধত জীৱন আহুতি দিয়া বীৰ-যোদ্ধা সেনানীক ।

নলবাৰীত বিজেপিৰ কাৰ্গিল বিজয় দিৱসত সমদল

বিজেপিৰ নলবাৰী চহৰস্থিত মুখ্য কাৰ্য্যালয়ৰ পৰা দলটোৰ শতাধিক কৰ্মকৰ্তাই জিলা সভাপতি মৃগাংক তালুকদাৰৰ নেতৃত্বত ২০০ মিটাৰ দৈৰ্ঘ্যৰ ত্ৰিৰংগা পতাকাখন লৈ চহৰৰ মাজেৰে উলিয়াই এই সমদলটো । উক্ত সমদলত বিজেপি কাৰ্য্যকৰ্তা সকলে ভাৰত মাতা কি জয়, বন্দে মাতৰম আদি বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি তোলে আকাশ বতাহ । উল্লেখ্য় যে ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতে পাকিস্তানক উচিত শিক্ষা দি উৰুৱাইছিল বিজয়ৰ ধ্বজা । তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ২৬ জুলাইৰ দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে ।

লগতে পঢ়ক:Kargil Vijay Diwas 2022: কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.