ETV Bharat / state

বিশুদ্ধ খোৱাপানীৰ অভাৱে জীয়াতু ভোগাইছে এখন আদৰ্শ গাঁৱক - water crisis

চৰকাৰৰ জল জীৱন মিছন আঁচনিয়ে ঢুকি পাবনে দেশৰ প্ৰতিখন গাঁৱৰ সাধাৰণ জনতাক ? এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত বেমাৰত পৰাৰ লগতে গাঁৱৰ বহু লোকে মৃত্যুমুখত পৰিবলগীয়া হৈছে ৷ চাওক এক বিশেষ প্ৰতিবেদন...

nalbari balitara gaon in trouble due to lack of water
নলবাৰীৰ আদৰ্শ গাঁৱত বিশুদ্ধ খোৱাপানীৰ অভাৱ
author img

By

Published : Aug 19, 2021, 3:43 PM IST

নলবাৰী, 19 আগষ্ট : নলবাৰী জিলাৰ(Nalbari District) এখন আদৰ্শ গাঁও(Adarsh Gaon), যিখন গাঁৱৰ সাধাৰণ জনতাই আজি পৰ্যন্ত লাভ কৰা নাই এটুপি বিশুদ্ধ খোৱাপানী ৷ জিলাখনৰ আদৰ্শ গাঁও বালিতাৰা গাঁৱৰ(Balitara Gaon) খোৱাপানীত মাৰাত্মক আৰ্চেনিক আৰু ফ্ল’ৰাইড পোৱাৰ পাচতে দমকল সমূহত ৰেড চিহ্ন আঁৰি দিয়া হয় ৷

ইয়াৰ ফলস্বৰূপে এতিয়া খোৱা পানী সংগ্ৰহৰ কোনো বিকল্প ব্যৱস্থা নাই গাঁওবাসীৰ হাতত ৷ এই বৃহৎ সমস্যা সৃষ্টি হোৱাৰ পাচৰ পৰাই গাঁওখনৰ সৰহ সংখ্যক লোক কৰ্কট ৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখতো পৰিছে কেইবাগৰাকী লোক ৷

নলবাৰীৰ আদৰ্শ গাঁৱত বিশুদ্ধ খোৱাপানীৰ অভাৱ

লগতে পঢ়ক : এটুপি বিশুদ্ধ খোৱা পানী যেন অলিক কল্পনা এওঁলোকৰ বাবে !

চৰকাৰী সাহায্যতো বাদেই, পানীৰ বাবে হাহাকাৰ কৰা বালিতাৰা গাঁৱৰ লোকসকলক বিশুদ্ধ খোৱাপানীৰ বাবে চৰকাৰে ৰূপায়ন কৰা জল জীৱন মিছন আঁচনিখনেও ঢুকি পোৱা নাই ৷ উপায়ন্তৰ হৈ জীৱনটোক মৃত্যুৰ গৰাহলৈ ঠেলি দি এতিয়াও আৰ্চেনিকযুক্ত পানীকে খাব লগা হৈছে গাঁওবাসীয়ে ৷

এটুপি বিশুদ্ধ খোৱাপানীয়ে জুৰুলা কৰা গাঁওখনৰ লোকে পৰিত্ৰাণ পাবনে এই সমস্যাৰ পৰা ? এই ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাই নেকি কোনো দায়িত্ব ? নে এনেদৰেই আৰ্চেনিকযুক্ত পানী সেৱন কৰি থাকিব লাগিব আদৰ্শ গাঁৱৰ লোকসকলে ?

গাঁওবাসীৰ বাবে এতিয়া খোৱাপানীয়েই হৈ পৰিছে একমাত্ৰ সমস্যা ৷ গাঁওখনৰ সকলো লোক দুৰাৰোগ্য হোৱাৰ পূৰ্বে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া গাঁওবাসীয়ে ৷

লগতে পঢ়ক : বান পৰিস্থিতিৰ বুজ লৈ কি সিদ্ধান্ত মন্ত্ৰী সঞ্জয় কিষাণৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.