নলবাৰী, ২২ জুন: নলবাৰী বৰভাগৰ বৰশিমলীয়া আৰু আৰু বৰবুকিয়া গাঁৱৰ লোকসকল পানীৰ তলত (Flood in Nalbari) ৷ পানীৰ তলত এতিয়াও আছে অসংখ্য পৰিয়ালৰ ঘৰ । নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় লৈছেগৈ পকী পথ নাইবা মথাউৰীত । পোৱা নাই পৰ্যাপ্ত সাহাৰ্য । বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই(AASU general secretary) এই লোকসকলক সাক্ষাৎ কৰি প্ৰদান কৰিলে কিছু খাদ্য সামগ্ৰী ।
সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক সংগ দিয়ে নলবাৰী জিলা ছাত্র সন্থাৰ বিষয় ববীয়াই ৷ সম্পাদকগৰাকীয়ে বান পৰিস্থিতি বুজ লোৱাৰ অন্তত বৰভাগৰ শ্লুইচ্ গেটৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰাৰ বাবে স্থানীয় লোকসকল বানৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে (Sankar Jyoti Baruah)৷
ইয়াৰোপৰি নদীৰ খননকাৰ্য, মথাউৰি আদিৰ বাবে আৱন্টিত কোটি কোটি টকা হৰলুকি হোৱাৰ অভিযোগো উত্থাপন কৰে শংকৰ জ্যোতি বৰুৱাই ৷ এই প্ৰসংগত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাকো সমালোচনা কৰে ছাত্ৰনেতাগৰাকীয়ে ৷ আনহাতে ৰাজ্যত দেখা দিয়া এই দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাৰাষ্ট্ৰ আৰু ত্ৰিপুৰাৰ ৰাজনীতিত ব্যস্ত থকা বুলি মন্তব্য কৰি এই কাৰ্য অতি লজ্জাজনক বুলি মন্তব্য কৰে বৰুৱাই ৷
ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোঁৰা কিনা-বেচাৰ কাম পাছত কৰি সদ্যহাতে বৰ্নাত্যৰ কাষত থিয় হৈ সমস্যা সমাধানৰ দাবী জনায় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷
লগতে পঢ়ক: কৃত্ৰিম বানত জুৰুলা কলগাছিয়া: সাংসদ খালেকৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ