চামগুৰি, 4 নৱেম্বৰ : নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিনাম ৷ ভেৰোনীয়া গুণ্ডাই হৃদয় বৰা নামৰ যুৱকক আক্ৰমণ কৰাৰ অভিযোগ ৷ ঘটনা অনুসৰি নগাঁও চহৰৰ কাছমাৰী মৌজাৰ খুটিকটিয়া কিচামতৰত থকা 3 কঠা 11 লেচা ভূমিকলৈ এই সংঘাতৰ সৃষ্টি হয় ৷ যাৰ বাবে শতাধিক লোকে হৃদয় বৰা নামৰ যুৱক জনক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ৷
জানিব পৰা মতে, নগাঁৱৰ মাজমজিয়াত থকা আৰ ডি মটৰচ নামৰ মাৰুতি বাহন ডিলাৰৰ স্বত্বাধিকাৰী বিশাল আগৰৱালা আৰু ৰূপা বৰা নামৰ মহিলা গৰাকীৰ পৰিয়ালৰ সৈতে উক্ত মাটি ডোখৰক লৈ এই সংঘাত ৷ উল্লেখ্য যে, ৰূপা বৰাৰ পৰিয়ালে কানাড়া বেংকৰ পৰা লোৱা ঋণৰ বিনিময়ত খুটিকটিয়া কিচামতৰত থকা 3 কঠা 11 লেচা ভূমি বেংকত মৰ্টগেজ হিচাপে ৰাখিছিল ।
পৰৱৰ্তী সময়ত ৰূপা বৰাৰ পৰিয়ালে ঋণ পৰিশোধ কৰিব নোৱৰাৰ বাবে বেংক কৰ্তৃপক্ষই ঘৰসহ ভূমিখিনি বাজেয়াপ্ত কৰিছিল ৷ বেংক কৰ্তৃপক্ষই উক্ত ভূমিখিনি নিলাম কৰে । বেংকে নিলাম কৰা ভূমি আৰ ডি মটৰচৰ স্বত্বাধিকাৰী বিশাল আগৰৱালাই 3 কোটি 9 লাখ টকাত ক্ৰয় কৰিছিল ।
কিন্তু শনিবাৰে পুৱা বিশাল আগৰৱালাই নিলামত ক্ৰয় কৰা ভূমিখিনি চমজি ল’বলৈ যাওঁতেই ৰূপা বৰাৰ পৰিয়ালে বাধা দিয়ে । ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ইফালে আৰ ডি মটৰচৰ মালিক বিশাল আগৰৱালাৰ লোকে ৰূপা বৰাৰ পুত্ৰ হৃদয় বৰাক আক্ৰমণ কৰে । এই ঘটনাত হৃদয় বৰা নামৰ যুৱকজন আহত হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফ বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
অভিযোগ মতে, হৃদয় বৰাক বিশাল আগৰৱালাৰ ভেৰোনীয়া গুণ্ডাই হাতুৰীৰে বুকুত আক্ৰমণ কৰিছে । আহত বৰাক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে । ইপিনে আহত হৃদয় বৰাৰ মাতৃ ৰূপা বৰাৰ অভিযোগ, বেংক কৰ্তৃপক্ষ আৰু বিশাল আগৰৱালাই উক্ত ভূমি জোৰ-জবৰদস্তি দখল কৰাৰ চেষ্টা কৰিছে আৰু তেওঁৰ পুত্ৰক গুণ্ডা লগাই মাৰধৰ কৰিছে ৷
লগতে পঢ়ক:Self help group member cheated: চামগুৰিত আত্মসহায়ক গোটৰ সদস্যাক প্ৰৱঞ্চনা সভানেত্ৰী-সম্পাদিকাৰ