ETV Bharat / state

World Teachers Day: আজি বিশ্ব শিক্ষক দিৱস ; জানক তাৎপৰ্য আৰু শিক্ষকৰ অনুভৱ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 6:09 PM IST

আজি বিশ্ব শিক্ষক দিৱস ৷ ইউনেস্ক’ই নিৰ্ধাৰণ কৰা দিৱসটিৰ মূল লক্ষ্য আছিল শিক্ষকসকলে একাগ্ৰতা আৰু কৰ্মনিষ্ঠাৰে ছাত্ৰ-ছাত্ৰীসকলক সফলতাৰে জীৱন উদ্‌যাপন কৰিবলৈ উদগনি যোগোৱা আৰু এই পথত নিজেও এই উদ্‌যাপনত সংগ দিয়া ৷ মূলতঃ শিক্ষকসকলে যাতে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এক উপযুক্ত পৰিৱেশ লাভ কৰে সেইলৈ এক চিন্তা-ধাৰণা, ব্যৱস্থা, কৌশলৰ ধাৰাৱাহিক মূল্যায়ণ আৰু ইয়াৰ সফল ৰূপায়ন হয় ৷ বাস্তৱিকতে আমাৰ ৰাজ্যত এনে এক পৰিৱেশ বৰ্তমান সময়ত কল্পনা কৰিব পাৰিনে ? কি ক'লে জীৱনৰ এছোৱা কাল শিক্ষকতা কৰি অৱসৰ লোৱা শিক্ষাসেৱীয়ে ।

World Teachers Day
বিশ্ব শিক্ষক দিৱস আৰু শিক্ষকৰ অনুভৱ
বিশ্ব শিক্ষক দিৱস আৰু শিক্ষকৰ অনুভৱ

কলিয়াবৰ, 5 অক্টোবৰ: এজন শিক্ষক বন্ধু, দাৰ্শনিক, পথ প্ৰদৰ্শক যিয়ে আমাৰ হাতত ধৰি আমাৰ মনটো মুকলি কৰে, আমাৰ হৃদয় স্পৰ্শ কৰে ৷ এজন শিক্ষকৰ অৱদানক একেবাৰেই আওকাণ কৰিব নোৱাৰি ৷ সমগ্ৰ বিশ্বৰ বহু দেশত শিক্ষক দিৱস এটা বিশেষ দিন য’ত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক বিশেষভাৱে সন্মান জনোৱা হয় ৷ দেশভেদে তাৰিখ বেলেগ-বেলেগ ৷ বিশ্ব শিক্ষক দিৱস সাৰ্বজনীনভাৱে গ্ৰহণ কৰা হৈছে 5 অক্টোবৰত ৷ আমাৰ দেশত 5 ছেপ্তেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়৷ বিশ্বৰ বাকী অংশৰ কথা ক’বলৈ গ’লে প্ৰায় বহুকেইখন দেশে 5 অক্টোবৰত বিশ্ব শিক্ষক দিৱস উদযাপন কৰা হয় আৰু ই 1994 চনৰ পৰা আৰম্ভ হৈছিল ৷ ইউনেস্ক’ই এই পৰম্পৰা আৰম্ভ কৰিছিল ৷ এতিয়া 5 অক্টোবৰ দিনটো কিয় শিক্ষক দিৱস হিচাবে গ্ৰহণ কৰা হয়?

1966 চনৰ আজিৰ দিনটোতে এখন বিশেষ আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সন্মিলনে শিক্ষকৰ মৰ্যাদা সন্দৰ্ভত ইউনেস্কোৰ সমৰ্থন গ্ৰহণ কৰে ৷ ভাৰতত সৰ্বশিক্ষাৰ আৰম্ভণিৰ পৰা শিক্ষক আৰু ছাত্ৰৰ মাজত এক বিৰাট ব্যৱধান আহি পৰিল ৷ ফলস্বৰূপে চৰকাৰী বিদ্যালয়ৰ মান নিম্নগামী হ'বলৈ ধৰে ৷ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহিল ৷ বহু বিদ্যালয় বন্ধ হ'ল, বহু বিদ্যালয় আন বিদ্যালয়ৰে সংলগ্ন কৰা হ'ল ৷ চৰকাৰী নীতি-নিয়মৰ মেৰপেঁচত শিক্ষকৰ মৰ্যাদা প্ৰায় নোহোৱা হ'ল ৷ অৱশ্যে, এইক্ষেত্ৰত শিক্ষকৰো দোষ নোহোৱা নহয় ৷ 2009 চনৰ শিক্ষাৰ অধিকাৰ আইনৰ পাছত শিক্ষকৰ স্বাধীনতা নোহোৱা হ'ল ৷ মুঠতে এশ-এবুৰি সমস্যাৰে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা ভাৰাক্ৰান্ত হৈ পৰিল, ছাত্ৰ-ছাত্ৰীয়ে ভাত, ইউনিফৰ্ম, কিতাপ-কাগজ সকলো পাইছে ৷ মাত্ৰ শিক্ষা নোপোৱা হ'ল বুলি চৰকাৰী বিদ্যালয়ক বিদায় দি অতি দৰিদ্ৰ ঘৰৰ সন্তানকো ব্যক্তিগতগত মাধ্যমৰ বিদ্যালয়ত পঢ়াবলৈ লৈছে ৷ বৰ্তমান অসমত শিক্ষকসকলৰ মৰ্যাদা স্বয়ং চৰকাৰেই নোহোৱা কৰিছে বুলি বিভিন্ন পক্ষৰ পৰা অভিযোগ উঠিছে ৷ ভাৰতৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা পুনৰ ঘূৰাই আনিবলৈ চৰকাৰে আইনী ব্যৱস্থা ল'বলৈ সংবিধান-আদালতে ব্যৱস্থা কৰি থৈছে ৷ সংবিধানৰ মৌলিক অধিকাৰৰ 21(ক) অনুচ্ছেদৰ মতে, 6 বছৰৰ পৰা 14 বছৰৰ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা মৌলিক অধিকাৰকাৰ ৷ সেই সূত্ৰে অষ্টম শ্ৰেণীলৈকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মাচুল ল'ব নোৱাৰে ৷ গতিকে, শিশুৰ মৌলিক অধিকাৰ খৰ্ব হৈ আছে ৷ এই শ্ৰেণীসমূহ বন্ধ কৰিলেই চৰকাৰী বিদ‍্যালয় নদন-বদন হৈ উঠিব ৷

আনহাতে, 2015 চনত এলাহবাদ উচ্চ ন্যায়ালয়ে চৰকাৰী বেতনভোগী সকলোৱে নিজ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ ৰায় দিছিল ৷ ছমাহৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ নিদেশ দিছিল ৷ পিছে কি হৈছে, সকলোৱে দেখিছে‌- ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কোনোধৰণৰ চৰকাৰী সুবিধা নাই ৷ আনকি পূৰ্বে বৃত্তি পৰীক্ষা দিবলৈ দিছিল ৷ সৰ্বশক্ষাৰ পাঠ্যপুথিও কিনিবলৈ পোৱা গৈছিল ৷ এতিয়া নাপায় ৷ তাৰ বিপৰীতে, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণসকলক লেপটপ্ আৰু স্কুটী দিয়াত কোনো বাধা নাই ৷ যিটো মুঠ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় পয়সত্তৰ শতাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ৷ এইবোৰো বন্ধ হ'ব লাগে ৷ স্কুল-কলেজৰ শিক্ষকসকল হ'ল সমাজৰ বিবেকস্বৰূপ ৷ পূৰ্বতে তেওঁলোকে কাকত-আলোচনীত চিঠি-প্ৰবন্ধ লিখি, সভা-সমিতি কৰি সমাজৰ ত্ৰুটি-বিচ্যুতিবোৰ আঙুলিয়াই দিছিল৷ বহুতে সাহিত্য চৰ্চা কৰিও সমাজৰ ভণ্ডামি উদঙাই দিছিল ৷ প্ৰয়োজন সাপেক্ষে চৰকাৰৰো সমালোচনা কৰিছিল ৷ সমাজত তেওঁলোকৰ মতৰ গুৰুত্ব আছিল ৷ শিক্ষক সমাজে যাতে পূৰ্বৰ নিচিনাকৈ নিজৰ স্বাধীন মত দিব নোৱাৰে তাৰ বাবে যোৱা কিছু বছৰমানৰ পৰা চৰকাৰে তেওঁলোকক স্কুল-কলেজ চৌহদতে অদৰকাৰী কিছুমান কাম দি বন্দী কৰি ৰাখিব বিচাৰিছে ৷ শিক্ষক সমাজেও বহুদূৰ সেই বন্দিত্বক স্বীকাৰ কৰি লোৱা যেন ভাব হৈছে, যিটো গণতান্ত্ৰিক সমাজ এখনৰ বাবে ভাল কথা নহয় ৷

লগতে পঢ়ক: Shiksha Setu Portal: টেবলেটত খোলেই খোৱা নাই APP; বিপাঙত শিক্ষক-শিক্ষয়িত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.