ETV Bharat / state

আৰক্ষীৰ প্ৰহাৰঃ মৃত্যুৰে যুঁজিছে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে

author img

By

Published : Jun 3, 2020, 8:21 PM IST

কৰ্তব্যৰত অৱস্থাত থকা গাঁওৰক্ষী বাহিনীৰ সম্পাদকক গুৰুলাগুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ ৷ বৰ্তমানলৈকে ৰুজু কৰা হোৱা নাই গোচৰ ৷

alleged against two cops for beaten village defence member in member
আৰক্ষীৰ প্ৰহাৰঃমৃত্যুৰে যুঁজিছে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে

নগাঁও, 3 জুনঃ এইবাৰ আৰক্ষীৰ বিৰুদ্ধে গাঁওৰক্ষী বাহিনীক আক্ৰমণৰ ভয়ংকৰ অভিযোগ ৷ নগাঁও জিলাৰ জাজৰিত সংঘটিত হৈছে এই ঘটনা ৷ বৰ্তমানেও চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে ৷ ঘটনাৰ বিৱৰণী মতে,জাজৰিৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰত কৰ্তব্য পালন কৰি আছিল জাজৰি আৰক্ষী থানাৰ আৰক্ষী পৰেশ শৰ্মা আৰু আতাউৰ ৰহমানে ৷ একে সময়তে গাঁওৰক্ষী বাহিনীৰ দায়িত্ব পালন কৰি কৰ্তব্যত ব্যস্ত আছিল গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণী বৰা ৷ তেনে সময়তেই ফণী বৰাৰ সৈতে কোনো বিষয়ক লৈ বিতৰ্কৰ সূত্ৰপাত হয় আৰক্ষী বিষয়া দুগৰাকীৰ সৈতে ৷ তাৰ পাছতেই গাঁওৰক্ষী বাহিনীৰ সম্পাদক গৰাকীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে আৰক্ষী দুগৰাকীয়ে ৷

বাক বিতণ্ডাৰ বাবেই আৰক্ষীয়ে প্ৰহাৰ কৰিলে গাঁওৰক্ষী বাহিনীক

আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ফণী বৰাক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় নগাঁৱৰ কঁপিলী নাৰ্ছিং হোমত ৷ বৰ্তমান নগাঁৱৰ কঁপিলী নাৰ্ছিং হোমত জীৱন মৃত্যুৰে যুঁজি আছে সম্পাদক গৰাকীয়ে ৷ মন কৰিবলগীয়া যে বাতৰি লিখাৰ সময়লৈকে আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰা হোৱা নাই কোনো এজাহাৰ ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়কঃ সংবাদমেল সম্বোধন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.