ETV Bharat / state

মাতৃৰ কোলাত উঠি ফুৰা দিগন্তই আঁজুৰিলে সফলতা...

নগাঁৱৰ শাৰিৰীকভাৱে সক্ষম এগৰাকী ছাত্ৰ হৈছে দিগন্ত বৰা ৷ ছাত্ৰগৰাকীয়ে ইতিমধ্যে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়ৰ লগতে অঞ্চলবাসীলৈ কঢ়িয়াই আনে গৌৰৱ। ছাত্ৰজনৰ সফলতাত আনন্দিত ভাস্কৰ জ্যোতি দাসে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সকলো কিতাপ নিজাববীয়াকৈ যোগান ধৰাৰ এক আশ্বাস ছাত্ৰজনক প্ৰদান কৰিছে ৷

author img

By

Published : Jun 8, 2020, 3:41 PM IST

Success story of a Special student hslc result 2020 nagaon assam etv bharat news
দিগন্তই আঁজুৰিলে সফলতা..

নগাঁও, 8 জুন: কঠোৰ পৰিশ্ৰম আৰু প্ৰবল ইচ্ছাশক্তি থাকিলে শাৰীৰিক বাধাকো যে নেওচি সফলতা আৰ্জিব পাৰি তাক প্ৰমাণ কৰিলে নগাঁও জিলাৰ পুৰণিগুদামৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰই । শাৰীৰিক প্ৰত্যাহ্বানক নেওচি হাতীগাঁৱৰ দিগন্ত বৰা নামৰ ছাত্ৰজনে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়ৰ লগতে অঞ্চলবাসীলৈ কঢ়িয়াই আনে গৌৰৱ। পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰগৰাকীৰ পিতৃ ৰতন বৰাৰ সৰু পৰিয়ালটো বিদ্যালয়খনৰ সন্মুখতে ভাৰাতীয়া হিচাপে বাস কৰি আছিল ।

উদীয়মান যুৱকে ল’লে দিগন্তৰ পঢ়াৰ দায়িত্ব

এখন হুইল চেয়াৰকে সাৰথি কৰি জীৱন সংগ্ৰামৰ লগতে শিক্ষা সূচাৰুৰূপে অব্যাহত ৰখা ছাত্ৰজনক মাতৃয়ে কেৱল নিতৌ বিদ্যালয়খনলৈ অনা-নিয়া কৰায়ে নহয় অন্যতম পথ প্ৰদৰ্শক হিচাপেও শিক্ষাৰ ক্ষেত্ৰত পালন কৰিছিল দায়িত্ব ৷ মেধাৱী ছাত্ৰ দিগন্তই ভৱিষ্যতে ছফটৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন পুহি ৰাখিছে যদিও পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থাৰ বাবে সেয়া ক’ৰবাত যেন মৰহি যোৱাৰ উপক্ৰম হৈছে ৷ কিন্তু এনে সময়তে দিগন্তৰ কাষত থিয় দিছে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ কেইবাজনো হৃদয়ৱান লোক ৷ ইতিমধ্যে ভাস্কৰ জ্যোতি দাস নামৰ এজন যুৱকে ছাত্ৰজনৰ সফলতাত আনন্দিত হৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো কিতাপ অথবা অধ্যয়নৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ নিজাববীয়াকৈ যোগান ধৰাৰ এক আশ্বাস ছাত্ৰজনক প্ৰদান কৰিছে ৷

দিগন্তই আঁজুৰিলে সফলতা..

লগতে চাওকঃ আৰ্থিক দীনতাৰ মাজতো উজলিল জামুগুৰিহাটৰ নিলাক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.