নগাঁও, 19 জানুৱাৰী : বিশিষ্ট চিত্ৰশিল্পী সমীৰ চৌধুৰীক প্ৰদান কৰা হয় অমূল্য মান্না আলোকচিত্ৰ বঁটা (Amulya Manna Photography Award 2022) । অমূল্য মান্না স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত তথা ফটোগ্ৰাফী ইনষ্টিটিউট অৱ অসমৰ সহযোগত প্ৰদান কৰা হয় এই বঁটা ।
বুধবাৰে নগাঁৱৰ কল্লোল ভৱনত অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । বঁটা প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকী, বিশিষ্ট সমাজকৰ্মী শিৱানন্দ কাকতি আৰু নৌশ্বাদ আখতাৰ হাজৰিকাৰ লগতে চিত্ৰশিল্পী সমীৰ চৌধুৰী ।
বুধবাৰে বিশিষ্ট চিত্ৰশিল্পী সমীৰ চৌধুৰীক অমূল্য মান্না বঁটা প্ৰদান কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকীয়ে । উলেখ্য যে, মৃত্যুৰ পূৰ্বে অৰূপ মান্নাৰ প্ৰয়াত পিতৃয়ে নিজৰ মৃত্যু বাৰ্ষিকীত মৃত্যু বাৰ্ষিকী অনুষ্ঠিত নকৰি সেই দিনটোত সমাজৰ বাবে ভাল কাম কৰিবলৈ পুত্ৰৰ আগত ইচ্ছা প্ৰকাশ কৰিছিল । সেই অনুসৰি পিতৃৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত পুত্ৰ অৰূপ মান্নাই প্ৰতি বছৰে এইদৰে বিশিষ্ট চিত্ৰশিল্পীক পিতৃৰ নামত বঁটা প্ৰদান কৰি আহিছে ।
আনহাতে, অমূল্য মান্না বঁটা প্ৰাপক চিত্ৰশিল্পী সমীৰ চৌধুৰীয়ে কয় যে, চিত্ৰশিল্পীসকলে চিত্ৰৰ জৰিয়তে সমাজলৈ ভাল অৱদান আগবঢ়াব লাগে । সুদীৰ্ঘ দিন চিত্ৰশিল্পৰ লগত জড়িত হৈ আছিল যদিও এনে এক সন্মান লাভ কৰিব বুলি কেতিয়াও ভবা নাছিল বুলি মন্তব্য কৰে চিত্ৰশিল্পী সমীৰ চৌধুৰীয়ে ।
লগতে পঢ়ক: বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান