ETV Bharat / state

গ্ৰেপ্তাৰ হ’ল কাজিৰঙাৰ গঁড় চিকাৰৰ মাষ্টাৰ মাইণ্ড - আৰক্ষীৰ অভিযান

কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুুুুক্ত গঁড়ৰ বাসস্থান ৷ কাজিৰঙাৰ এশিঙীয়া খড়্গৰ গঁড় চাবলৈ প্ৰতিবছৰে সহস্ৰাধিক পৰ্যটকৰ কাজিৰঙালৈ আগমণ ঘটে ৷ কিন্তু চোৰাং চিকাৰ বাবে প্ৰতিবছৰে বহু গঁড় মৃত্যুমুখত পৰিবলগীয়া হৈছে ৷ এনে সময়তে চোৰাং চিকাৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে আৰক্ষী আৰু বন বিভাগ ৷

Rhino Poacher Arrested at Kaliabor
কাজিৰঙা গঁড় চিকাৰৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ
author img

By

Published : Aug 29, 2021, 12:20 PM IST

Updated : Aug 29, 2021, 12:42 PM IST

নগাঁও, 29 আগষ্ট : নগাঁৱৰ জখলাবন্ধা আৰক্ষীয়ে দেওবাৰে কাজিৰঙা গঁড় চিকাৰৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kajiranga National Park) গঁড় চিকাৰীৰ বিৰুদ্ধে জখলাবন্ধা আৰক্ষীৰ ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে । জখলাবন্ধা আৰক্ষীয়ে এনে এক অভিযানতে দেওবাৰে এই সফলতা লাভ কৰে ৷

গ্ৰেপ্তাৰ হ’ল কাজিৰঙাৰ গড় চিকাৰৰ মাষ্টাৰ মাইণ্ড

বিগত বৰ্ষসমূহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ অপৰাধমূলক কাৰ্য‍ নিয়ন্ত্ৰণ তথা গঁড়ৰ সুৰক্ষা প্ৰদানত সফল হৈছে কলিয়াবৰ আৰক্ষী (Kaliyabar Police) । আৰক্ষীয়ে এই ধাৰাবাহিক অভিযানৰ ফলত ২০১৯ চনৰ ২১ এপ্ৰিলত জখলাবন্ধাত ৩০৩ ৰাইফলসহ চাৰি চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ দেওবাৰে জখলাবন্ধা আৰক্ষীয়ে (Jakhalabanda Police) এই চোৰাং চিকাৰীকেইটাৰ তথ্যৰ ভিত্তিত চোৰাং চিকাৰীৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীটো হেলালুদ্দিন বুলি জানিব পৰা হৈছে । হেলালুদ্দিনক চামগুৰিৰ কুহুমতলিৰ পৰা জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ‌।

জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা আৰু বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলাৰ অন্তৰ্গত বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ পৰা চোৰাং চিকাৰী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

লগতে পঢ়ক : কাজিৰঙাত দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ’ব ছেটেলাইট ফোন

Last Updated : Aug 29, 2021, 12:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.