ETV Bharat / state

ৰহাৰ শালমৰা গাঁও পঞ্চায়তলৈ ৰাষ্ট্ৰীয় সন্মান

author img

By

Published : Apr 24, 2020, 8:15 PM IST

নানাজী দেশমুখ ৰাষ্ট্ৰীয় গৌৰৱ গ্ৰাম্য পঞ্চায়ত পুৰস্কাৰ ২০২০' সন্মান লাভ ৰহাৰ শালমৰা গাঁও পঞ্চায়তলৈ ৷

raha-national-panchayati-raj-day-shalmara-panchayat-day
ৰহাৰ শালমৰা গাঁও পঞ্চায়তলৈ ৰাষ্ট্ৰীয় সন্মান

ৰহা 24 এপ্ৰিলঃ দেশজুৰি লক ডাউনৰ চলি থকাৰ সময়তেই শুকুৰবাৰে ৰাষ্ট্ৰীয় পঞ্চায়ত দিৱস উপলক্ষে অসমলৈ আহিল এক ভাল খবৰ । বিভিন্ন সময়ত পঞ্চায়তসমূহত হোৱা দুৰ্নীতি তথা স্বজন-তোষণৰ অভিযোগৰ বাতৰিৰ বিপৰীতে আজি অসমৰ নগাঁও,ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ একোখনকৈ গাঁও পঞ্চায়তলৈ আহিল ৰাষ্ট্ৰীয় সন্মানৰ বঁটা। নিজ পঞ্চায়তৰ কৰ্মদক্ষতা,পৰিষ্কাৰ-পৰিচ্ছন্নতা,আঁচনি ৰূপায়ণত সফলতা তথা ৰাইজৰ হৈ পঞ্চায়ত সভাপতি,সচিব আৰু সদস্যসকলে কাম কৰাৰ মানসিকতাৰ বাবে এই তিনিখন জিলাৰ একোখনকৈ পঞ্চায়তক ভাৰত চৰকাৰৰ ফালৰ পৰা ৰাষ্ট্ৰীয় পঞ্চায়ত দিৱস উপলক্ষে সন্মানিত কৰা হয়।

ইয়াৰ ভিতৰত নগাঁও জিলাৰ একমাত্ৰ তথা ৰহা উন্নয়ন খণ্ডৰ শালমৰা গাঁও পঞ্চায়তলৈ কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়ত বিভাগে প্ৰদান কৰিছে নানাজী দেশমুখ ৰাষ্ট্ৰীয় গৌৰৱ গ্ৰাম্য পঞ্চায়ত পুৰস্কাৰ ২০২০' সন্মান । নগাঁও জিলাৰ ৰহা আঞ্চলিক পঞ্চায়তৰ অৰ্ন্তগত শালমৰা গাঁও পঞ্চায়তে এই সন্মান লাভ কৰিবলৈ সক্ষম হোৱাত পঞ্চায়তখনৰ সভাপতি,সম্পাদককে ধৰি গাঁওখনৰ সকলোৱে আনন্দ প্ৰকাশ কৰিছে। আনহাতে শুকুৰবাৰে পুৱা এঘাৰ বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ পঞ্চায়ত প্ৰতিনিধি তথা কৰ্মকৰ্তাসকলৰ লগত হোৱা ভিডিঅ' কনফাৰেন্সিং অনুষ্ঠানো পঞ্চায়ত কাৰ্যালয়ত উপভোগ কৰে পঞ্চায়তটোৰ প্ৰতিনিধি,খণ্ড উন্নয়ণ বিষয়া,জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াসকলে। মহামাৰী কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰা দুৰ্যোগৰ মাজতে অসমবাসীয়েও লাভ কৰিলে এক সুখবৰ।

লগতে পঢকঃ উঃমাঃ প্ৰথমবৰ্ষৰ সকলো শিক্ষাৰ্থীকে উত্তীৰ্ণ ঘোষণা শিক্ষা সংসদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.