ETV Bharat / state

পৰিত্যক্ত অৱস্থাত ৰাজ্যৰ 167 টা ইন্দিৰা আৱাসগৃহ - indira awas yojna

চামগুৰি সমষ্টিৰ অন্তৰ্গত বানবিধ্বস্ত অঞ্চল লাওখোৱাৰ এক নং ভূৰবন্ধাত অৱস্থিত এটা ইন্দিৰা আৱাস যোজনাৰ কলনীৰ দুৰৱস্থা ৷ কলনীটোত আজিপৰ্যন্ত মুকলি নহ’ল বানবিধ্বস্ত ৰাইজৰ বাবে নিৰ্মাণ কৰা 167 টা ইন্দিৰা আৱাসগৃহ ৷ শীঘ্ৰেই কল’নীটো বানপীড়িত আৰু গৃহহীন ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ আহ্বান ভুক্তভোগীৰ ৷

poor condition of iay colony in samaguri
ইন্দিৰা আৱাস যোজনাৰ অধীনৰ এটা কল’নীৰ দুৰাৱস্থা
author img

By

Published : Jul 12, 2021, 12:56 PM IST

চামগুৰি, 12 জুলাই : পৰিত্যক্ত অৱস্থাত আছে ৰাজ্য চৰকাৰৰ কোটি কোটি টকাৰ চৰকাৰী আঁচনি (Govt Scheme)ৰ টকাৰে নিৰ্মাণ কৰা এটা ইন্দিৰা আৱাস যোজনা (Indira Awas Yojna)ৰ কলনী ৷ বানবিধ্বস্ত ৰাইজৰ বাবে স্থায়ী আশ্ৰয়স্থলী হিচাপে নিৰ্মাণ কৰা 167 টা ইন্দিৰা আৱাসগৃহ আজিলৈকে কৰা নহ’ল মুকলি ৷ যাৰ পৰিপ্ৰেক্ষিতত আজিপৰ্যন্ত পৰিত্যক্ত হৈ ৰৈছে নগাঁও জিলা (Nagaon District)ৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বানবিধ্বস্ত অঞ্চল লাওখোৱাৰ এক নং ভুৰবন্ধাত অৱস্থিত কলনীটো ৷ বিগত কংগ্ৰেছ চৰকাৰ (Congress Govt)ৰ কাৰ্যকালতে সেই সময়ৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন (Rockybul Hussain)ৰ তৎপৰতাত লাওখোৱাৰ বানপীড়িত গৃহহীন লোকসকলক আশ্ৰয় প্ৰদানৰ বাবে কলনীটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল ৷

সম্প্ৰতি এই কলনীটোৰ ঘৰসমূহ ভৰি পৰিছে হাবি-জংঘলেৰে ৷ হৰলুকি হৈছে একাধিক ঘৰত থকা মুধচৰ টিনপাত, দৰ্জা, খিৰিকী, চৌকাঠ আদি । এটা পৰিয়ালেও আজি পৰ্যন্ত এই বিশেষ কলনীটোত সংস্থাপিত হ’বলৈ সৌভাগ্য হোৱা নাই ৷ ইফালে ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াৰ ফলত প্ৰতিবছৰে বৃহত্তৰ লাওখোৱা অঞ্চলৰ বহুকেইখন গাঁও বুৰ যায় ৷

ইতিমধ্যে বৰলুইতৰ বুকুত উছন হৈছে বহুকেইখন গাঁও । ভূমিহীন আৰু গৃহহীন হৈ সৰ্বস্বান্ত হ’বলগীয়া হৈছে সহস্ৰাধিক নৈপৰীয়া পৰিয়াল ।

ইন্দিৰা আৱাস যোজনাৰ অধীনৰ এটা কলনীৰ দুৰৱস্থা

প্ৰায় 5-6 বছৰ ধৰি বহু পৰিয়ালে অতি দুৰ্দশাৰ মাজেৰে অস্থায়ী শিবিৰ পাতি বসবাস কৰিছে শিলঘাট-ধিং সংযোগী মূল মথাউৰিত । কলনীটোত পৰিয়ালকেইটাই সংস্থাপিত নোহোৱাক কেন্দ্ৰ কৰি স্বাভাৱিকতেই স্থানীয় বিধায়কৰ বিৰুদ্ধে চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী একাংশ বানপীড়িত পৰিয়ালে ৷ ইফালে লাওখোৱাৰ বানপীড়িত আৰু গৃহহীন তথা ভূমিহীন পৰিয়ালসমূহ মথাউৰি আৰু শিবিৰত আশ্ৰয় লৈ থকাৰ পৰিৱৰ্তে শীঘ্ৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)ক সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে ৷ লগতে তেওঁলোকে মন্ত্ৰী হাজৰিকাক এই বিশেষ IAY কলনীটো বানপীড়িত আৰু গৃহহীন ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ বাবে সুবিধা তথা ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক : Etv bharat ৰ বাতৰিৰ প্ৰভাৱ: নন্দ গগৈৰ পৰিয়াললৈ ৰুদ্ৰাক্ষীৰ সহায়ৰ হাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.