ETV Bharat / state

দাক্ষিণাত্যৰ ছবিৰ কায়দাৰে অপৰাধীক শাস্তি অসম আৰক্ষীৰ - police turned into villian at hojai

গুণ্ডাৰূপত লংকা আৰক্ষী ৷ অপৰাধীক নিৰ্মমভাৱে অত্যাচাৰ কৰি জ্বলাই দিয়াৰ অভিযোগ লংকাৰ উদালী আৰক্ষীৰ বিৰুদ্ধে ৷ আৰক্ষী বিষয়া দিলিপ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী অপৰাধীৰ ৷

লংকাত আৰক্ষীৰ গুণ্ডাৰাজ
author img

By

Published : May 27, 2019, 12:52 PM IST

লংকা, 27 মে' : হিন্দী বোলছবিত আৰক্ষী সাজত নায়কে ভিলেইনক ধৰি নানান অকথ্য নিৰ্যাতন চলোৱাৰ লগতে মাৰপিট কৰা আমি সকলোৱে দেখিছো | সেই হিন্দী বোলছৱিৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হ'ল হোজাই জিলাৰ লংকাত | অপৰাধীক ধৰি থানালৈ নিয়াৰ পৰিবৰ্তে বাটতে গুণ্ডা লগাই মাৰপিট কৰালে আৰক্ষীয়ে |

লংকাত আৰক্ষীৰ গুণ্ডাৰাজ

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ উদালী আৰক্ষী চকীৰ আৰক্ষী বিষয়া দিলিপ দাসে ১৮ মে' তাৰিখে ৱামুনগাঁৱৰ চাহাৱ উদ্দিন নামৰ লোক জনক থানালৈ উঠাই আনি ১৯ তাৰিখে নগদ ধন ২৫০০ টকা লৈ এৰি দিয়ে| পিছত পুনৰ উদালী আৰক্ষী বিষয়া দিলিপ দাস সহ এটি আৰক্ষী দলে ২১তাৰিখে নিশা ১২ মান বজাত বামুনগাঁৱৰ নিজ গৃহৰ পৰা চাহাৱ উদ্দিনক উঠাই আনি আৰক্ষী থানা পোৱাৰ আগতেই চাহাৱ উদ্দিনৰ হাত বান্ধি গুণ্ডা লগোৱাই মাৰধৰ কৰে ৷ ২২ আৰু ২৩ মে' তাৰিখে চাহাৱ উদ্দিনৰ পৰিয়ালৰ থানালৈ অহাত চাহাৱ উদ্দিনক জেললৈ প্ৰেৰণ কৰা হ'ল বুলি পৰিয়ালক খেদি পঠিয়ায় আৰক্ষীয়ে | পাচদিনা অপৰাধী চাহাব উদ্দিনক মুকলি কৰি দিয়ে আৰক্ষীয়ে ৷ মুকলি লাভ কৰাৰ পাচতেই ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া দিলীপ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী অপৰাধীয়ে ৷

Intro:গুণ্ডাৰূপত লংকা আৰক্ষী | Body:গুণ্ডাৰূপত লংকা আৰক্ষী | অপৰাধীৰ গুপ্ত অংগ জ্বলাই দিয়াৰ অভিযোগ লংকাৰ উদালী আৰক্ষীৰ বিৰুদ্ধে | আৰক্ষী বিষয়া দিলিপ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী অপৰাধীৰ |

হিন্দী বোলছবিত আৰক্ষী সাজত নায়কে ভিলেইনক ধৰি নানান অকথ্য নিৰ্যাতন চলোৱাৰ লগতে মাৰপিত কৰা আমি সকলোৱে দেখিছো | সেই হিন্দী বোলছৱিৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হল হোজাই জিলাৰ লংকাত | অপৰাধীক ধৰি থানালৈ নিয়াৰ পৰিবৰ্তে বাটতে গুণ্ডা লগাই মাৰপিত কৰালে আৰক্ষীয়ে | উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ উদালী আৰক্ষী চকীৰ আৰক্ষী বিষয়া দিলিপ দাসে ১৮ মে তাৰিখে ৱামুনগাওৰ চাহাৱ উদ্দিন নামৰ লোক জনক থানালৈ উঠাই আনি ১৯ তাৰিখে নগদ ধন ২৫০০ টকা লৈ এৰি দিয়ে | পিছত পুনৰ উদালী আৰক্ষী বিষয়া দিলিপ দাস সহ এটি আৰক্ষী দলে ২১তাৰিখে নিশা ১২ মান বজাত বামুনগাওৰ নিজ গৃহৰ পৰা চাহাৱ উদ্দিনক উঠাই আনি থানা পোৱাৰ আধা কি. মি. দূৰত গাডী ৰখাই চাহাৱ উদ্দিনৰ দুই হাত বান্ধি গাডীৰ পৰা নমাই দূৰ্বৃত্বক লগাই মাৰধৰ কৰাই | পিছত পুনৰ আৰক্ষীৰ গাডীত উঠাই উদালী থানালৈ লৈ আহে আৰু থানাত আহি চাহাৱ উদ্দিনক মাৰপিত কৰাৰ লগতে তেওৰ গুপ্ত অংগত মেচ মাৰি জ্বলাই দিয়ে | পিছত পূৱা ২২ আৰু ২৩ মে তাৰিখে চাহাৱ উদ্দিনৰ পৰিয়ালৰ আত্মীয় থানালৈ অহাত চাহাৱ উদ্দিনক জেললৈ প্ৰেৰণ কৰা হল বুলি আৰক্ষীয়ে কৈ অপৰাধী জনৰ পৰিয়ালক খেদি পঠিয়াই | পিছত ২৪ মে তাৰিখে পুনৰ দিলিপ দাসে চাহাৱ উদ্দিনৰ মাকক ঘৰৰ পৰা থানালৈ মাতি আনি চাহাৱ উদ্দিনক চমজাই দিয়ে | পিছত অসুস্থ চাহাৱ উদ্দিনৰ পৰিয়ালে চাহাৱক চিকিত্সালয়ত চিকিত্সা কৰাৰ লগতে আজি ঘটনা সন্দৰ্ভত উদালী আৰক্ষী বিষয়া দিলিপ দাস,আব্দুল মানিক, লাটিফ, আইনুল হক আৰু শুকুৰ ৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে | উল্লেখ যে, উদালী আৰক্ষী বিষয়া দিলিপ দাসক ঘটনা সন্দৰ্ভত জানিব বিচৰাত সাংৱাদিকৰ ওচৰৰ পৰা পলায়ন কৰে |

BYTE: চাহাৱ উদ্দিন/ পৰিয়ালৰ লোক

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.