ETV Bharat / state

Natural Agricultural Awareness Camp : নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰাকৃতিক কৃষি সজাগতা শিবিৰ - Agricultural Scientist on Natural Agriculture

প্ৰাকৃতিক কৃষি সন্দৰ্ভত নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰত বিশেষ সজাগতা শিবিৰ (Natural Agricultural Awareness Camp in Nagaon)। কৃষিকাৰ্যত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ কুফল সম্পৰ্কে আলোচনা । অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাকৃতিক কৃষি মেলাৰো আয়োজন ।

Natural Agricultural Awareness Camp
নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰাকৃতিক কৃষি সজাগতা শিবিৰ
author img

By

Published : Feb 7, 2023, 7:03 PM IST

নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰাকৃতিক কৃষি সজাগতা শিবিৰ

নগাঁও,৭ ফেব্ৰুৱাৰী : নগাঁও চহৰৰ সমীপৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰাকৃতিক কৃষি বিষয়ক এখন সজাগতা শিবিৰৰ আয়োজন কৰা হয় (Natural Agricultural Awareness Camp in Nagaon) ৷ বিশেষকৈ কৃষিকাৰ্যত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ বিপৰীতে জৈৱিক সাৰ ব্যৱহাৰেৰে অধিক শস্য উৎপাদন কৰিব পৰা ব্যৱস্থাৰ ওপৰত দীঘলীয়া আলোকপাত কৰা হয় এই প্ৰাকৃতিক কৃষি বিষয়ক সজাগতা শিবিৰত ।

বৰ্তমান ভাৰত চৰকাৰে কৃষি কাৰ্যত জৈৱিক সাৰ ব্যৱহাৰ আৰু কৃষকসকলক সজাগ কৰিবৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ শলাগ লয় উপস্থিত কৃষকৰ লগতে কৃষি বিষয়াসকলে । ভাৰত চৰকাৰে প্ৰাকৃতিক কৃষিৰ ওপৰত প্ৰদান কৰা গুৰুত্বৰ অংশ হিচাপেই নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰাকৃতিক কৃষিৰ ওপৰত এইদৰে সজাগতা শিবিৰৰ লগতে প্ৰাকৃতিক কৃষি মেলা অনুষ্ঠিত কৰা হয় (Natural Agricultural Fair at Nagaon)।

মঙলবাৰে শিমলুগুৰিস্থিত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত প্ৰাকৃতিক কৃষি সজাগতা শিবিৰত অংশগ্ৰহণ কৰি কৃষি বিজ্ঞানী নিৰঞ্জন ডেকাই কৃষকৰ লাভজনক উৎপাদনৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে । ৰাসায়নিক সাৰ ব্যৱহাৰৰ ফলত হোৱা লোকচান আৰু জৈৱিক সাৰ প্ৰয়োগৰ ফলত হোৱা লাভৰ বিষয়ে উল্লেখ কৰি কৃষি বিজ্ঞানী নিৰঞ্জন ডেকাৰ মন্তব্য আগবঢ়ায় (Benefits of Natural Farming)।

ৰাসায়নিক সাৰ বা ঔষধ কৃষিকাৰ্যত ব্যৱহাৰৰ পাছত কৃষিত অনুজীৱবোৰৰ মৃত্যু হয় যাৰ বাবে কৃষিকৰ্মত কৃষি উৎপাদন উন্নত নহয় ৷ ৰাসায়নিক সাৰ প্ৰয়োগে কৃষি ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰে বুলিও উল্লেখ কৰে কৃষি বিজ্ঞানী নিৰঞ্জন ডেকাই । প্ৰকৃতি আৰু মানুহৰ পাৰস্পৰিক সহযোগিতাতহে প্ৰাকৃতিক কৃষি সম্ভৱ বুলি মত পোষণ কৰে কৃষি বিজ্ঞানীগৰাকীয়ে ।

প্ৰাকৃতিক প্ৰণালীৰে কৰা কৃষি কাৰ্যক আধ্যাত্মিক কৃষি বুলি অভিহিত কৰাৰ কথাও উল্লেখ কৰে কৃষি বিজ্ঞানীগৰাকীয়ে (Agricultural Scientist on Natural Agriculture)। প্ৰাকৃতিক কৃষি ব্যৱস্থাৰ বিপৰীতে ৰাসায়নিক পদ্ধতিৰে কৃষি কাৰ্য কৰাৰ বাবেই বহু কৃষক বিভিন্ন সময়ত দুৰৱস্থাৰ সন্মুখীন হ'বলগীয়া বুলিও উল্লেখ কৰে কৃষি বিজ্ঞানী নিৰঞ্জন ডেকাই । উক্ত অনুস্থানত নগাঁও জিলা কৃষি বিষয়াৰ লগতে কেইবাজনো কৃষি বিজ্ঞানী তথা কৃষি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

লগতে পঢ়ক :Farming at Tingkhong : কৃষিভূমিতো সফল আন্দোলন কৃষক নেতা হিৰণ্য সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.