নগাঁও, 17 মাৰ্চঃ আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হ'বলৈ কুণ্ঠাবোধ কৰা নাই নগাঁৱৰ ড্ৰাগছ মাফিয়াই । এনে এক ঘটনাই কেৱল নগাঁৱতে নহয় সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । সোমবাৰে সন্ধিয়া নগাঁৱৰ ম'হখুলিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ এটা দলক আক্ৰমণ কৰি আৰক্ষীৰ পৰা কাঢ়ি নিয়ে এটা নাইন এম এম পিষ্টল । ড্ৰাগছ মাফিয়াৰ দলটোৰ আক্ৰমণত আহত হয় আৰক্ষী জোৱান লক্ষজ্যোতি আৰু বিপ্লৱ কোঁৱৰ । বলীউডী কায়দাৰে আৰক্ষী জোৱান বিপ্লৱ কোঁৱৰৰ পিষ্টল কাঢ়ি পলায়ন কৰে মাফিয়া দলটোৱে ।
ভয়ানক ৰূপত নগাঁৱৰ ড্ৰাগছ মাফিয়া : সমীহ নকৰে আৰক্ষীক ! - ড্ৰাগছ মাফিয়াৰ আক্ৰমণ
নগাঁৱত আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি নিলে ড্ৰাগছ মাফিয়াই । ঘটনাত জড়িত হোৱাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক । এতিয়াও উদ্ধাৰ হোৱা নাই আৰক্ষীৰ পৰা কাঢ়ি নিয়া পিষ্টলটো । ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত অব্যাহত আছে চাঞ্চল্য । ড্ৰাগছ মাফিয়াৰ সন্ধানত নগাওঁ আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান ।