ETV Bharat / state

গুৰুজনাৰ অংকীয়া ভাওনাক বিকৃত কৰি অৱশেষত ক্ষমা খুজিলে দ্বীপজ্যোতি কেওটে - muhan apology

নগাঁৱত ভাওনাক বিকৃত কৰি অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা বেহাৰবাৰী আউট পোষ্টৰ মোহন খ্যাত জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওটৰ । ভাওনাত বিজতৰীয়া নৃত্য কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া ।

muhan apology
অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা মোহনৰ
author img

By

Published : Oct 19, 2021, 5:59 PM IST

Updated : Oct 19, 2021, 6:26 PM IST

নগাঁও, 19 অক্টোবৰ : অৱশেষত ৰাজহুৱাকৈ মূৰ দোৱালে বেহাৰবাৰী আউট পোষ্টৰ মোহন খ্যাত জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওটে ৷ কিয়নো গুৰুজনাৰ জন্মভূমিত নগাঁৱতে গুৰুজনাৰ অংকীয়া ভাওনাক বিকৃত ৰূপত প্ৰদৰ্শন কৰিছিল মোহনে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ ।

তাৰ পাচতেই এতিয়া মুখ খুলিছে অভিনেতা দ্বীপজ্যোতি কেওটে ৷ সংবাদমাধ্যমৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতা গৰাকীয়ে ৷ গুৰুজনাৰ সৃষ্টিত বিজতৰীয়া নৃত্য পৰিৱেশন কৰাৰ পাচতেই ৰাজহুৱাকৈ ক্ষমা ভিক্ষা খুজিলে জনপ্ৰিয় অভিনেতা গৰাকীয়ে ৷

অৱশেষত ক্ষমা খুজিলে দ্বীপজ্যোতি কেওটে

উল্লেখ্য যে,নগাঁৱৰ কঢ়ালীগাঁৱত অনুষ্ঠিত অংকীয়া ভাওনাত মোহিনীৰ চৰিত্ৰত অভিনয় কৰিছিল বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওটে ।

কিন্তু মোহিনীৰ চৰিত্ৰত অভিনয় কৰা মোহনে চুমা খাইছিল অসুৰক । মোহিনীৰ ৰূপত অসুৰক চুমা খোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হয় সামাজিক মাধ্যমত । সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত মঙলবাৰে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীৰ ওচৰত ক্ষমা খুজিলে মোহনে ।

ভাওনা বিকৃত কৰা কোনো ইচ্ছাকৃত ভুল নাছিল বুলি উল্লেখ কৰি অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা খুজিলে মোহনে । অৱশ্যে পৰৱৰ্তী সময়ত ভাওনাত অভিনয় কৰোতে অধিক সাৱধান হ'ব বুলিও মন্তব্য কৰে অভিনেতা দ্বীপজ্যোতি কেওটে ৷

লগতে পঢ়ক : ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপনক লৈ প্ৰতিক্ৰিয়া সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীৰ

Last Updated : Oct 19, 2021, 6:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.