ETV Bharat / state

Samaguri Asomi Haat : নগাঁৱৰ অসমী হাট পৰিদৰ্শন গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসৰ

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 9:16 AM IST

দেওবাৰে নগাঁৱত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ দাস ৷ তাৰ পাচতে তেওঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত নগাঁও স্থাপন কৰা ‘‘অসমী হাট’’ পৰিদৰ্শন কৰে ৷

Samaguri Asomi Haat
অসমী হাট পৰিদৰ্শন
অসমী হাট পৰিদৰ্শন

চামগুৰি, 16 অক্টোবৰ : এ এচ আৰ এল এম অৰ্থাৎ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত নগাঁও স্থাপন কৰা ‘‘অসমী হাট’’ দেওবাৰে পৰিদৰ্শন কৰে ৰাজ্যৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসে ৷ নগাঁও চহৰৰ মাজ মজিয়াত নিৰ্মাণ কৰা অসমী হাট পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী ৰণজিৎ দাসে কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘এই অসমী হাটত আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী বিক্ৰী হ’ব । অসমী হাটত অসমীয়া গহনা, পানী মেটেকাৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী সজাই ৰাখিছে’’ । মন্ত্ৰী দাসে আৰু কয়, ‘‘অসমৰ অন্য জিলাত এই অসমী হাট নাই । আমি অসমৰ অন্য জিলাত যাতে এই অসমী হাট স্থাপন কৰিব পৰা যায় তাৰ প্ৰচেষ্টা হাতত ল’ম’’ ।

এই অসমী হাট নিৰ্মাণত এ এচ আৰ এল এম, ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ নগাঁও গোট আৰু স্থানীয় বিধায়ক ৰূপক শৰ্মাই সহায় কৰাৰ কথা দোহাৰে মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰীগৰাকীয়ে ‘‘অসমী হাট’’ত উপলব্ধ সামগ্ৰীসমূহত নগাঁও ব্ৰেণ্ড লেবেল লগাবলৈ আহ্বান জনায় ।

তেওঁ কয়, ‘‘নগাঁৱৰ আচাৰ, নগাঁৱৰ কেঁচা সোণৰ গহনা, নগাঁৱৰ চাহপাত আদিয়ে নিশ্চিতভাৱে নগাঁৱৰ বিশেষ ৰূপ এটা আনিব’’ । তেওঁ কয়, ‘‘অসমত 3 লাখ আত্মসহায়ক গোট আছে । প্ৰতিটো গোটত 10 গৰাকী সদস্যা আছে । সেই অনুযায়ী 30 লাখ সদস্যা হয় । অসমত থকা আত্মসহায়ক গোটৰ 30 লাখ সদস্যাই বছৰি যদি 1 লাখ টকা আয় কৰে তেন্তে বছৰি সৰ্বমুঠ 30 হাজাৰ কোটি টকা আয় হ’ব । ইয়াৰ ফলত আত্মনিৰ্ভৰ নাৰী বা আত্মনিৰ্ভৰ অসম হ’ব । তেতিয়া অসম গুজৰাটৰ সমকক্ষ হ’ব’’ ।

অসমী হাট পৰিদৰ্শন কৰি মন্ত্ৰী ৰণজিৎ দাসে পিচত জিলা উপায়ুক্তৰ সভাকক্ষত গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ লগতো এক আলোচনাত মিলিত হয় । মন্ত্ৰীগৰাকীক লগত সংগ দিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে গ্ৰামোন্নয়ন বিভাগ তথা এ এচ আৰ এল এমৰ বিষয়াসকলে ৷

লগতে পঢ়ক : Traditional weaving : অসমীয়া পৰম্পৰাগত সাজপাৰ প্ৰস্তুতত ব্যস্ত মেঘালয়ৰ একাংশ শিপিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.