নগাঁও, 23 জানুৱাৰী : শনিবাৰে সন্ধিয়া নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ সদস্যৰ গুলীত এগৰাকী ছাত্ৰ নেতা গুৰুতৰভাৱে আহত হোৱাৰ ঘটনা (Student Leader Shot by Police) ক কেন্দ্ৰ কৰি দেওবাৰে উত্তাল হৈ পৰে নগাঁও । নগাঁৱৰ কচলোখোৱাৰ কীৰ্তিকমল বৰা নামৰ এগৰাকী যুৱকক আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে ।
সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে বিনাদোষত গুলীয়াই আহত কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁৱত প্ৰতিবাদ সাব্যস্ত (Protest against Nagaon police) কৰে দল-সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ।
লগতে চাওক: Student leader shot by police : নগাঁও আৰক্ষীয়ে গুলীয়াই আহত কৰিলে ছাত্ৰনেতাক
সেই অনুসৰি, নগাঁও মহাবিদ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই নগাঁও সদৰ থানাত উপস্থিত হৈ থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ । আৰক্ষীৰ গুলীত আহত কীৰ্তিকমল বৰা ড্ৰাগছ আসক্ত আছিল বুলি আৰক্ষীয়ে দাবী কৰাৰ বিপৰীতে ছাত্ৰ নেতাগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় লোকেও ছাত্ৰ নেতাগৰাকীৰ ড্ৰাগছৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে ।
ঘটনাক লৈ ইতিমধ্যে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত ।
লগতে চাওক: Student Leader Shot by Police : আনন্দ মিশ্ৰৰ পদত্যাগ দাবী বিধায়ক অখিল গগৈৰ