ৰূপহীহাট,২৫ জুনঃ সোমবাৰে দিন দুপৰতে এগৰাকী ছাত্ৰীক চোকা অস্ত্ৰ দেখুৱাই অপহৰণ কৰা ঘটনাৰ চাঞ্চল্য অব্যাহত আছে নগাঁও জিলাৰ ৰূপহীহাটত। ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যাণ কুমাৰ গগৈয়ে অতি ক্ষীপ্ৰতাৰে নিশাই অপহৰণ কাণ্ডত ব্যৱহৃত AS-02T-4497 নম্বৰৰ আই টেন গাড়ী খন আৰু পুৱা AS-02BC-1974 নম্বৰৰ টেম্প'খন উদ্ধাৰ কৰাৰ লগতে অপহৰণ কাণ্ডত জড়িত জুৱেল আৰু টেম্পু চালক ছফিকুল ইছলামক আটক কৰে। জব্দ কৰা আই টেন গাড়ী খনৰ ভিতৰত উদ্ধাৰ হয় অপহৃত ছাত্ৰী গৰাকীৰ ছেণ্ডেল ।
উল্লেখ্য যে সোমবাৰে ৰূপহীহাটৰ তেলিয়াচাপৰি গাঁৱৰ ছাত্ৰী গৰাকী বান্ধৱীৰ সৈতে এখন টেম্প'ত ছাত্ৰী গৰাকীয়ে অধ্যয়ন কৰা ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহি থকা অৱস্থাত গুনাবাৰী দলঙৰ সমীপৰ নিৰ্জন ঠাইত আই টেন খনত অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰ দেখুৱাই ভীতি প্ৰদৰ্শন কৰি অপহৰণ কৰিছিল। নেকিবুৰ ৰহমান নামৰ অপহৰণকাৰীটোৰ নেতৃত্বতেই এই অপহৰণ কাণ্ড সংঘটিত হোৱাৰ কথা ছাত্ৰীগৰাকীৰ সহপাঠীসকলে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই গাড়ীসহ বাকী কেইটা অভিযুক্তক আটক কৰে যদিও মূল অপৰাধী নেকিবুৰসহ ছাত্ৰী গৰাকীৰ সন্ধান এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। অৱশ্যে অতি শীঘ্ৰে অভিযুক্ত নেকিবুৰ গ্ৰেপ্তাৰ হ'ব বুলি আশ্বাস দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে।