ETV Bharat / state

ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলমগ্ন পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ 37 নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত আশ্ৰয় লৈছে বিশ্ব বিখ্যাত এটা এশিঙীয়া গঁড়ে ৷

author img

By

Published : Jul 20, 2020, 6:43 PM IST

Kaziranga's one horn Rhino is gradually recovering

কলিয়াবৰ, 20 জুলাই: কাজিৰঙাৰ জলমগ্ন পৰিৱেশৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও আশ্ৰয় লৈ আছে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত ৷ কিন্তু ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা-ভাগৰুৱা গঁড়টো । অৱশ‍্যে এতিয়াও সেই স্থান ত্যাগ কৰা নাই ৰাষ্ট্ৰীয় উদ‍্যানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোৱে ।

ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো

আনহাতে পুৱাৰে পৰা উদ‍্যান কৰ্তৃপক্ষই যোগান ধৰা ঘাঁহ গ্ৰহণ কৰিয়ে সময় অতিবাহিত কৰিছে গঁড়টোৱে ৷ ৰাষ্ট্ৰীয় উদ‍্যানৰ বাগৰি বনাঞ্চলৰ বান্দৰডুবিত অৱস্থান লৈ থকা গঁড়টোক কৰ্তৃপক্ষই ঘাঁহৰ লগতে ঔষধৰো যোগান ধৰি আছে । লগতে বিশিষ্ট পশু চিকিৎসক পদ্মশ্ৰী কুশল কুমাৰ শৰ্মাৰ নেতৃত্বত অহা চিকিৎসকৰ দলটোৰ পৰামৰ্শ মতে বন কৰ্মীয়ে গড়টোৰ চকুৰো নিয়মিত চিকিৎসা চলাই আছে ৷

বিশ্ব বিখ্যাত এশিঙীয়া গঁড়
বিশ্ব বিখ্যাত এশিঙীয়া গঁড়

বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াই জনোৱা মতে,যোৱা ১৪ জুলাইতে ৰাষ্ট্ৰীয় উদ‍্যানখনৰ পৰা ওলাই অহা গঁড়টো বৰ্তমানে উদ‍্যানৰ সীমাতে অৱস্থান কৰি আছে । বন‍্য জীৱই প্ৰকৃতিৰ লগত যুঁজ দিয়েই জীয়াই থাকিব লাগে,সেয়ে এই গঁড়টোও ব‍্যতিক্ৰম নহয় বুলি কয় । কৰ্তৃপক্ষৰ দ্বাৰা পৰ্যাপ্ত আৰু সঠিক চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে ৷ ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ জলস্তৰ হ্ৰাস পালেই দুই-এদিনতে সুস্থ হৈ উদ‍্যানৰ অন্তৰ্ভাগলৈ গঁড়টোৱে গতি কৰিব বুলি বিষয়াগৰাকীয়ে আশা প্ৰকাশ কৰে ।

লগতে চাওক-বাক্সাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.