ETV Bharat / state

IPS Anand Mishra: সম্বৰ্ধনাৰে যোগদান কৰি প্ৰতিবাদেৰে বদলি হ'ল আনন্দ মিশ্ৰ - IPS Anand Mishra

নগাঁৱৰ পৰা বদলি হ'ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra transferred from Nagaon)৷ আদৰণি, সম্বৰ্ধনাৰ মাজেৰে যোগদান কৰি ধৰ্ণা, প্ৰতিবাদৰ পিছত চৰকাৰী নিৰ্দেশত নগাঁও এৰিলে আনন্দ মিশ্ৰই । ধুবুৰীৰ পৰা বদলি হোৱাৰ সময়তে বদলি স্থগিত কৰাৰ দাবীত হোৱাৰ দৰে নগাঁৱত কিন্তু দেখা নগ'ল কোনো প্ৰতিবাদ ।

Anand Mishra transferred from Nagaon
সম্বৰ্ধনাৰে যোগদান কৰি প্ৰতিবাদেৰে বদলি হ'ল আনন্দ মিশ্ৰ
author img

By

Published : Feb 10, 2022, 9:25 PM IST

নগাঁও, 10 ফেব্ৰুৱাৰী: বিতৰ্কত সাঙোৰ খাই পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ নগাঁৱৰ পৰা বদলি হ'ল (Anand Mishra transferred from Nagaon) । আয়ুক্ত পৰ্য্যায়ৰ তদন্তৰ প্ৰতিবেদনকো একপ্ৰকাৰ নস্যাৎ কৰি প্ৰাক্তন ছাত্ৰনেতাক দোষী সজোৱাৰ চেষ্টা আনন্দ মিশ্ৰৰ । আদৰণি, সম্বৰ্ধনাৰ মাজেৰে যোগদান কৰি ধৰ্ণা, প্ৰতিবাদৰ পিছত চৰকাৰী নিৰ্দেশত নগাঁও এৰিলে আনন্দ মিশ্ৰই (IPS Anand Mishra came with felicitations and transfered with protests) ।

মাত্ৰ ৮, ৯ মাহৰ ভিতৰতে এই পৰিৱৰ্তন সম্ভৱ হৈছে নিজকে চচিয়েল মিডিয়াৰ হিৰ’ সজোৱাৰ চেষ্টা কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ক্ষেত্ৰত । বিগত বৰ্ষৰ মে' মাহত ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱত যোগদান কৰাৰ সময়তে হঠাৎ জনপ্ৰিয় হৈ পৰিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । যোগদান কৰিয়েই অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই নগাঁওবাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । সেয়া কোনেও নুই কৰিব নোৱাৰে । কিন্তু নগাঁও আৰক্ষীৰ আন বিষয়াসকলৰ নেতৃত্বতো চলা বহু অভিযানৰ কৃতিত্ব ল’বলৈ সংবাদমেলৰ আয়োজন কৰি আনন্দ মিশ্ৰই নিজকে চৰ্চাত ৰাখিব বিচৰা বুলি চলিছে ব্যাপক চৰ্চা । কেৱল এয়াই নহয়, চচিয়েল মিডিয়াত নিজকে অধিক জনপ্ৰিয় কৰাৰ কৌশল ভালকৈয়ে জনা আনন্দ মিশ্ৰক বিভিন্ন সময়ত দেখা গৈছিল বিভিন্ন ৰূপত । নগাঁৱত যোগদান কৰাৰ মাত্ৰ ৮-৯ মাহৰ ভিতৰতেই বিতৰ্কত সাঙোৰ খাই পৰিল প্ৰচাৰমুখী এইজন আই পি এছ বিষয়া আনন্দ মিশ্ৰ ।

সম্বৰ্ধনাৰে যোগদান কৰি প্ৰতিবাদেৰে বদলি হ'ল আনন্দ মিশ্ৰ

বিগত ২২ জানুৱাৰীত নগাঁৱৰ কচলখোৱাত সংঘটিত নগাঁও আৰক্ষীৰ এন্টি নাৰ্কটিক স্কোৱাডৰ এটা এনকাউণ্টাৰত আহত হৈছিল নগাঁৱৰ প্ৰাক্তন ছাত্ৰনেতা এইজন কীৰ্তিকমল বৰা । নগাঁও আৰক্ষীয়ে গঠন কৰি দিয়া এন্টি নাৰ্কটিক স্কোৱাডৰ সদস্যই কীৰ্তিকমল বৰাক গুলীয়াই আহত কৰা ঘটনাক কেন্দ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ । ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ অতিৰিক্ত মূখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া বিচাৰ কমিটিৰ তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পালে কীৰ্তিকমল বৰাক কৰা এনকাউণ্টাৰ ভুল আছিল আৰক্ষীৰ ৷

কিন্তু কীৰ্তিকমল বৰাক পাকে প্ৰকান্তৰে দোষী সজাই নিজৰ বাহিনীক বচোৱাৰ যেন অপ্ৰাণ চেষ্টাত নামি পৰিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । যেন একপ্ৰকাৰ প্ৰত্যাহ্বান জনাব বিচাৰিলে আনন্দ মিশ্ৰই । এনকাউণ্টাৰ বিতৰ্কক লৈ আনন্দ মিশ্ৰৰ বিৰুদ্ধে সাব্যস্ত হৈছিল প্ৰতিবাদো । ইয়াৰ মাজতে আয়ুক্ত পৰ্য্যায়ৰ তদন্তৰ প্ৰতিবেদনক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই অৱশেষত বদলি হ’বলগীয়া হ'ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । যিকোনো প্ৰকাৰে নগাঁৱৰ প্ৰাক্তন ছাত্ৰনেতা কৃৰ্তীকমল বৰাকো ড্ৰাগছৰ সৈতে জড়িত কৰাৰ অভিযোগ আনন্দ মিশ্ৰ বিৰুদ্ধে ।

বুধবাৰে সন্ধিয়া বদলিৰ নিৰ্দেশ লাভ কৰাৰ পিছতেই বৃহস্পতিবাৰে পুৱাই নগাঁও এৰি গুৱাহাটী অভিমুখে ৰাওনা হয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । উল্লেখযোগ্য যে, ধুবুৰীৰ পৰা বদলি হোৱাৰ সময়তে বদলি স্থগিত কৰাৰ দাবীত হোৱাৰ দৰে নগাঁৱত কিন্তু দেখা নগ'ল তেনে কোনো প্ৰতিবাদ ।

লগতে পঢ়ক: আনন্দ মিশ্রৰ বদলিৰ আঁৰত আছে নেকি প্ৰৱঞ্চক মৃদুপৱন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.