ETV Bharat / state

নগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰক্তদান শিবিৰ

author img

By

Published : Jul 12, 2021, 4:40 PM IST

ক'ভিড আক্ৰান্তক সহায় কৰাৰ সমান্তৰালকৈ নগাঁৱত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে । দেওবাৰে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ সহযোগত আয়োজন কৰা এই ৰক্তদান শিবিৰ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই ।

International human rights council organised a blood donation camp at Nagaon
নগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰক্তদান শিবিৰ

নগাঁও, ১২ জুলাই : ক'ভিডসৃষ্ট সংকটৰ সময়ত মানৱ সেৱাত ব্ৰতী হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ (International Human Rights Commission) নামৰ সংস্থাটো । ক'ভিড ১৯ (Covid 19)ৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পৰাই ক'ভিড ৰোগীক খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি অহা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে এইবাৰ নগাঁৱত আয়োজন কৰিছে ৰক্তদান শিবিৰ । এই জটিল সময়ত দৰিদ্ৰ ৰোগীয়ে যাতে তেজৰ অভাৱত হাহাকাৰ কৰিব নালাগে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই সংস্থাটোৱে দেওবাৰে এই ৰক্তদান শিবিৰ আয়োজন কৰে । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় (Nagaon Civil Hospital) কৰ্তৃপক্ষৰ সহযোগত এই ৰক্তদান শিবিৰৰ আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে ।

দেওবাৰে নগাঁও চহৰৰ ঢাকাইপট্টিৰ ৰামলাল দুৰ্গাদত্ত বিবাহ ভৱনত অনুষ্ঠিত ৰক্তদান শিবিৰত প্ৰায় ৭০ জন লোকে ৰক্তদান কৰে । পুৱাই ৰক্তদান শিবিৰ উন্মোচন কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই (Rupak Sarma) । ৰক্তদন মহান দান বুলি মন্তব্য কৰি সকলো সুস্থ লোককে ৰক্তদান কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে, ৰক্তদানৰ প্ৰতি মানুহ আগ্ৰহী হ'লে দৰিদ্ৰ ৰোগীয়ে সংকটজনক অৱস্থাত তেজৰ বাবে হাহাকাৰ কৰিবলগীয়া নহয় ।

দেওবাৰে এই ৰক্তদান শিবিৰত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা, নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় (Nagaon Civil Hospital)ৰ অধ্যক্ষ এল চি নাথ, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি বৰুণ আগৰৱাল, সম্পাদক হাৰকবিৰ সিং, কোষাধ্যক্ষ গজানন্দ তুদীকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।

সংস্থাটোৰ আহ্বানত ৰক্তদান কৰা সকলো লোককে ধন্যবাদ জ্ঞাপন কৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে । উল্লেখ্য যে, ক'ভিড-১৯ ত আক্ৰান্ত লোকৰ লগতে কন্টেইনমেণ্ট জ'নত থকা দৰিদ্ৰ পৰিয়ালক প্ৰথম অৱস্থাৰে পৰাই খাদ্য যোগান ধৰি আহিছে এই সংস্থাটোৱে । লগতে সান্ধ্য আইনৰ সময়ত নিজৰ কৰ্তব্য পালনত ব্যস্ত থকা আৰক্ষীকো লঘু আহাৰ যোগান ধৰি আহিছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে । সংস্থাটোৰ এই পদক্ষেপৰ শলাগ লৈছে নগাঁৱৰ ৰাইজে ।

লগতে পঢ়ক:বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱক লৈ তীব্ৰ হুলস্থূল বিধানসভাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.