ETV Bharat / state

Internal conflicts in Congress: কি পাপ কৰিলে ৰকিবুল হুছেইনে ? নৱ-নিযুক্ত সভাপতিৰ সৈতে সুৰ মিলা নাই বিধায়ক ৰকিবুলৰ !

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 4:56 PM IST

নগাঁও জিলা কংগ্ৰেছৰ সভাপতিক লৈ আৰম্ভ হৈছে দলীয় অন্তঃকন্দল ৷ ৰকিবুল হুছেইনেও দেৰিকৈহে গম পালে সুৰেশ বৰাক ৷ বাদে-বিসম্বাদে জৰ্জৰিত নগাঁঁও জিলা কংগ্ৰেছ ৷

Internal conflicts in Congress
Internal conflicts in Nagaon district congress

নৱ নিযুক্ত সভাপতিৰ সৈতে সুৰ মিলা নাই বিধায়ক ৰকিবুলৰ

নগাঁও, 13 নৱেম্বৰ: সুৰেশ বৰাই পদত্যাগ কৰাৰ পিচতে নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছে উপ-সভাপতি প্ৰশান্ত শইকীয়াক । নগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদৰ বাবে ৰকিবুল হুছেইনৰ ঘনিষ্ঠ নুৰুল হুদা আৰু প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ ভাস্কৰ গোস্বামীৰ নাম চর্চা হৈ থকাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দায়িত্ব দিলে উপ সভাপতি প্ৰশান্ত শইকীয়াক ।

সোমবাৰে পুৱাই নিজ বাসভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি ৰকিবুল হুছেইনে কৰা এটা মন্তব্যৰ পিছতেই ভাৰপ্ৰাপ্ত জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈয়েই প্ৰশান্ত শইকীয়াই কৰা আন এটা মন্তব্যই অৱতাৰণা কৰিছে এক প্ৰশ্নৰ । ৰকিবুল হুছেইন আৰু প্ৰশান্ত শইকীয়া দুয়োৰে মাজত আছে নেকি মতানৈক্য ?

সদ্য কংগ্ৰেছত্যাগী নেতা সুৰেশ বৰা সন্দৰ্ভত পুৱাই ৰকিবুল হুছেইনে কৈছিল যে সুৰেশ বৰাক সভাপতিৰ স্থান দিয়াতো পাপ আছিল । বৰাৰ অতীত খুঁচৰি ৰকিবুল হুছেইনে কয় যে তেওঁ এজন ছালফা আছিল ৷ তথাপিও তেওঁক কাষত স্থান দি কংগ্ৰেছৰ জিলা সভাপতিৰ দায়িত্ব দিয়া হৈছে ৷ ২০১১ চনৰ পৰা একেৰাহে তিনিটাকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিয়াই নহয় নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা সুৰেশ বৰাক স্থান দিয়া হেনো পাপ আছিল কংগ্ৰেছৰ ।

লক্ষণীয় বিষয় যে, ইমান দিন কাষতে থকাৰ পিচত সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰাতহে অপাত্ৰক স্থান দিয়া বুলি উপলব্ধি কৰিছে ৰকিবুল হুছেইনে । কেৱল এয়াই নহয় কংগ্ৰেছ দলৰ টিকটেৰে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত হেনো সুৰেশ বৰাৰ ফটো সম্বলিত কেলেণ্ডাৰ নিবলৈ অস্বীকাৰ কৰিছিল বঢ়মপুৰৰ কংগ্ৰেছীয়ে । সুৰেশ বৰাৰ ফটো দেখিলেই বহুতে হেনো ভয় কৰিছিল তেওঁলোকে । চুকতে থাকি বুকত কামুৰি বিজেপি কোলাত গৈ বহা সুৰেশ বৰাক সমালোচনা কৰি এইদৰে মন্তব্য কৰা দেখা গ’ল ৰকিবুল হুছেইনক ৷

ইফালে পুৱাই ৰকিবুল হুছেইনে এই মন্তব্য কৰাৰ বিপৰীতে নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা প্ৰশান্ত কুমাৰ শইকীয়াৰ মন্তব্য আছিল বেলেগ ধৰণৰ । কংগ্ৰেছত সুৰেশ বৰাৰ নেতৃত্বক লৈ জিলা কংগ্ৰেছ কমিটী সন্তুষ্ট আছিল বুলিয়েই বুজাই দিলে প্ৰশান্ত কুমাৰ শইকীয়াই । আনকি নগাঁও জিলা কংগ্ৰেছত কোনো লবী নথকাৰ কথাও বুজাবলৈ গৈ নৱনিযুক্ত ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত ফুকনে কয় যে তেওঁ কোনো লবীৰ মানুহ নহয় ।

উল্লেখযোগ্য যে, সুৰেশ বৰাই পদত্যাগ কৰাৰ পিছৰ পৰাই নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ বাবে ৰকিবুল হুছেইনৰ ঘনিষ্ঠ বিধায়ক নুৰুল হুদা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ ভাস্কৰ গোস্বামীৰ নাম চৰ্চালৈ আহিছিল ৷ কিন্তু অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰে প্ৰশান্ত কুমাৰ শইকীয়াক । সোমবাৰে নগাঁও ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে প্ৰশান্ত শইকীয়াই । অৱশ্যে প্ৰশান্ত শইকীয়াই দায়িত্ব গ্ৰহণ কৰাৰ সময়ত পৰিলক্ষিত নহ'ল কোনো উখল-মাখল পৰিবেশ ।

আন এক সূত্ৰই প্ৰকাশ কৰা মতে, জিলা কংগ্ৰেছৰ সভাপতি বাচনিক লৈ দলৰ ভিতৰত খোৱা-কামোৰা আৰম্ভ হৈছে ৷ দুই কংগ্ৰেছ সাংসদ ক্ৰমে প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ লগতে বিধায়ক ৰকিবুল হুছেইনৰ মাজত চলিছে শীতল যুদ্ধ ৷ যাৰ ফল স্বৰূপে জিলা সভাপতি নিযুক্তিৰ সম্পূৰ্ণ ক্ষমতা থকাৰ পিচতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই বিষয়টোত হস্তক্ষেপ বিচাৰিছে হাই কমাণ্ডৰ ৷

লগতে পঢ়ক: Nagaon District Congress news: প্ৰশান্ত কুমাৰ শইকীয়াক নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.