চামগুৰি, 9 জুলাই : নগাঁও জিলাৰ বটদ্ৰৱা (Batadrava)ত বৃহস্পতিবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ পথ দুৰ্ঘটনা (Road Accident)ত এজন গুৰুতৰভাৱে আহত লোকক চিকিৎসালয়লৈ নিম বুলি কৈ পথৰ দাঁতিত পেলাই থৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা অনুসৰি, জিলাখনৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও-বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথৰ ভেটিয়নীত সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা ৷
উক্ত পথ দুৰ্ঘটনাত মুকছিদুল ইছলাম নামৰ লোকজন গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনা সংঘটিত কৰিছিল AS-01-DA-2033 নম্বৰৰ এখন ছুইফট ডিজাইয়াৰ বাহনে । ইয়াৰ পাচতে বাহনখনৰ চালকজনক আটক কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷ কিন্তু চালকজনে মুকছিদুল ইছলামক চিকিৎসালয়লৈ নিয়াৰ দায়িত্ব বহন কৰি ঘটনাস্থলীৰ পৰা ওলাই গৈছিল ।
পৰৱৰ্তী সময়ত চালকজনে মুকছিদুল ইছলামক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰিৱৰ্তে পলাই পত্ৰং দিয়া বুলি জানিব পৰা গৈছে ৷
ইফালে মুকছিদুলৰ পৰিয়ালে চালকজনক বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান উলিয়াব নোৱাৰিলে ৷ অন্যহাতে, শুকুৰবাৰে পুৱতি নিশা নগাঁও-বটদ্ৰৱা সংযোগী পথৰ হাইডুবী জিৰণি চ’ৰাত মুকছিদুল ইছলামৰ মৃতদেহ উদ্ধাৰ হয় । লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বটদ্ৰৱা অঞ্চলত ।
লগতে পঢ়ক : ক’ভিড নিয়ন্ত্ৰণৰ বাবে কি নিৰ্দেশ দিলে ৰাজেন্দ্ৰ প্ৰসাদে