ETV Bharat / state

কলিয়াবৰত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান

author img

By

Published : Jun 7, 2021, 10:07 AM IST

Updated : Jun 7, 2021, 1:32 PM IST

অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ অভিযান(Uluwani PS Operation) ৷ বেঙেনাআটীত নষ্ট প্ৰায় এহেজাৰ লিটাৰ অবৈধ সুৰা(Illigle Liquor) ৷ বাঁহৰ তল, জংঘলৰ মাজত লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে অবৈধ সুৰা(Illigle Liquor) ৷

কলিয়াবৰত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান
কলিয়াবৰত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান

কলিয়াবৰ,7 জুন: ৰাজ্যত অব্যাহত আছে অবৈধ সুৰা(Illigal Liquor)ৰ বিৰুদ্ধে অভিযান ৷ সোমবাৰে কলিয়াবৰৰ উলুৱনী আৰক্ষী(Uluwani PS Operation)য়ে অভিযান চলাই বেঙেনাআটীত উৎখাত কৰে অবৈধ সুৰা(Illigal Liquor)ৰ ঘাটি ৷ লগতে আৰক্ষীয়ে নষ্ট কৰে প্ৰায় এহেজাৰ লিটাৰ অবৈধ সুৰা(Illigal Liquor) ৷

এক গোপন সূত্ৰৰ ভিত্তিত উলুৱনী আৰক্ষী(Uluwani PS Operation)য়ে অভিযান চলাবলৈ উপস্থিত হয় বেঙেনাআটীত ৷ কিন্তু আৰক্ষী অহাৰ সম্ভেদ পাই সুৰা ব্যৱসায়ীয়ে অবৈধভাৱে প্ৰস্তুত কৰা সুৰা লুকুৱাই ৰাখে বাঁহৰ তলি আৰু জংঘলৰ মাজত ৷ ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে বেঙেনাআটীৰ কেইবাঘৰো লোকৰ ঘৰত অভিযান চলাই লুকুৱাই ৰখা অবৈধ সুৰা(Illigal Liquor) জব্দ কৰে ৷ লগতে এই জব্দ কৃত সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহো নষ্ট কৰে আৰক্ষীয়ে ৷

কলিয়াবৰত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান

উল্লেখ্য যে, কলিয়াবৰৰ উলুৱনী আৰক্ষী নিৱেশ(Uluwani PS Operation)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত চুলুং আৰক্ষী চকীৰ সহযোগত চলোৱা হয় এই অভিযান ৷ সাম্প্ৰতিক কৰ'ণা মহামাৰীৰ এই ভয়াৱহ সময়তো চলি থকা ড্ৰাগছ(Drugs), চুলাই আদিৰ দৰে নিষিদ্ধ বেহাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

মিনি লক ডাউনৰ সুযোগ লৈ একাংশই চলাই গৈছে এই দুষ্কাৰ্য । মিনি লক ডাউনত জনজীৱন স্তব্ধ হোৱাৰ সময়তো গা-লৰা নাই অবৈধ সুৰা ব্যৱসায়ীসকলৰ । যাৰ ফলত চিন্তিত হৈ পৰিছে এতিয়া সচেতন মহল ৷

লগতে পঢ়ক: লাহোৱালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন

Last Updated : Jun 7, 2021, 1:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.