ETV Bharat / state

উৎকোচ লৈ গ্ৰেপ্তাৰ প্ৰধান শিক্ষক - Headmaster arrested in Dhing

দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক (Corrupted headmaster arrested) । সহকাৰী শিক্ষকৰ পৰা উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে ধৰা পৰে হাতীমুৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিদাৰুল ইছলাম (Headmaster arrested in Dhing)। চাৰ্ভিচ বুক দিয়াৰ নামত সহকাৰী শিক্ষকৰ পৰা লৈছিল উৎকোচ ।

Dhing
উৎকোচ লৈ গ্ৰেপ্তাৰ প্ৰধান শিক্ষক
author img

By

Published : Aug 23, 2022, 5:52 PM IST

ধিং,২৩ আগষ্ট : শেহতীয়াকৈ বহু দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী আৰক্ষীৰ জালত পৰিছে । উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে কেইবাগৰাকীও বিষয়াক (Anti Corruption raid in Assam)। এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল বিদ্যালয়ৰ প্ৰধান শিক্ষক (Anti Corruption arrests headmaster)। সহকাৰী শিক্ষকৰ পৰা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল মৈৰাবাৰীৰ নিকটৱৰ্তী হাতীমুৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিদাৰুল ইছলাম ।

বিদ্যালয়খনৰ পূৰ্বৰ সহকাৰী শিক্ষক ভৱেশ কছাৰীৰ পৰা উৎকোচ লোৱাৰ সময়ত হাতে লোটে ধৰা পৰে ধনলোভী প্ৰধান শিক্ষকগৰাকী । জানিব পৰা মতে ভৱেশ কছাৰীয়ে যোৱা কিছু দিন পূৰ্বে বুজাবুজিৰ ভিত্তিত বদলি হৈছিল । কিন্তু প্ৰধান শিক্ষকগৰাকীয়ে চাৰ্ভিচ বুক LPC দিয়াৰ নামত সহকাৰী শিক্ষকগৰাকীৰ পৰা বিচাৰিছিল উৎকোচ । শিক্ষকজনে বহু দিন ধৰি প্ৰধান শিক্ষকজনক কাকূতি মিনতি কৰাৰ পাছতো উৎকোচ অবিহনে চাৰ্ভিচ বুক দিয়া নাছিল (Corrupted headmaster arrested)।

অৱশেষত শিক্ষকজনে দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে । মঙলবাৰে দুৰ্নীতি নিবাৰক শাখাই পেলোৱা জালত পৰে প্ৰধান শিক্ষকগৰাকী (Headmaster taking bribe from assistant teacher)। প্ৰধান শিক্ষক দিদাৰুল ইছলামৰ ঘৰ মৈৰাবাৰী বৰচাপৰিত বুলি জানিব পৰা গৈছে । আনহাতে প্ৰধান শিক্ষকজনৰ এনে কৰ্মকাণ্ড ৰাজহুৱা হোৱা লগে লগে এতিয়া শিক্ষক সমাজক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :বেংকত লাখ লাখ টকা লেনদেন কৰি আৰক্ষীৰ জালত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.