ETV Bharat / state

50 হাজাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ সিদ্ধান্ত ক্ৰান্তিকাল প্ৰকাশনৰ - অজন্তা প্ৰেছ

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এখন বিশেষ গ্ৰন্থ । এই গ্ৰন্থখন ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ বিতৰণ কৰিব অগ্ৰণী প্ৰকাশক গোষ্ঠী ক্ৰান্তিকাল প্ৰকাশনে। ইতিমধ্যে আৰম্ভ হৈছে গ্ৰন্থখনৰ ছপা কাম । কি কাৰণে গ্ৰন্থখন বিনামূলীয়াকৈ বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰকাশক গোষ্ঠীয়ে সেই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ৷

free book distribution from krantikal publishers house nagaon assam etv bharat news

author img

By

Published : Jun 3, 2020, 10:43 PM IST

নগাঁও, 3 জুন: লক ডাউনৰ বাবে স্তব্ধ হৈ পৰা নগাঁৱৰ এটা ছপাশালত পূৰ্ণগতিত চলিছে গ্ৰন্থ চপোৱাৰ কাম । অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অন্যতম গ্ৰন্থ কামত কৃতিত্ব লভিবৰ সংকেত ৰচনা কৰা হৈছিল ১৯০৩ চনত ৷ গ্ৰন্থখনৰ জৰিয়তে বেজবৰুৱাই অসমীয়াক দিছিল কামত কৃতিত্ব লাভৰ বহুকেইটা সূত্ৰ । ১৯৬৮ চনত বেজবৰুৱাৰ ৰচনাৱলীত এই গ্ৰন্থখন অন্তৰ্ভুক্ত কৰিছিল অসমৰ সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী সাহিত্য প্ৰকাশে । গ্ৰন্থখন পুনৰ মুদ্ৰণৰ কাম আৰম্ভ কৰিছে নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশন গোষ্ঠীয়ে ৷ প্ৰায় ৫০ হাজাৰ গ্ৰন্থ মুদ্ৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে প্ৰকাশন গোষ্ঠীটোৱে ।

50 হাজাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ সিদ্ধান্ত ক্ৰান্তিকাল প্ৰকাশনৰ

উল্লেখ্য যে, নগাঁৱৰ অন্যতম ছপাশাল অজন্তা প্ৰেছে এইবেলি ভৰি দিছে ৫০ বছৰত । প্ৰকাশন গোষ্ঠীটোৰ ভগ্নী প্ৰতিষ্ঠান ক্ৰান্তিকাল প্ৰকাশনৰ ২০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অজন্তা প্ৰেছ তথা ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰী কৈলাশ ৰাজখোৱাই ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিব গ্ৰন্থখন । অৱশ্যে এইক্ষেত্ৰত নগাঁৱৰ বিদ্যালসমূহক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে ৰাজখোৱাই ।

লগতে চাওকঃ বানৰ কৱলত চলচলিৰ দুই শতাধিক কৃষকৰ কৃষিভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.