ETV Bharat / state

নগাঁও প্ৰশাসনৰে বৈঠকত মিলিত যোগানমন্ত্ৰীৰ

author img

By

Published : Apr 8, 2020, 4:34 PM IST

নগাঁৱত জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী । লক ডাউনৰ সুবিধা লৈ মূল্যবৃদ্ধি কৰা ব্যৱসায়ীসকলক সকীয়নি প্ৰদান যোগানমন্ত্ৰী গৰাকীৰ ।

Food and supply minister phanibhusan choudhury met administration of nagaon
নগাঁও প্ৰশাসনৰে বৈঠকত মিলিত যোগানমন্ত্ৰী

নগাওঁ,৮ এপ্ৰিলঃ দীৰ্ঘদিনে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰা ৰাজ্য়ৰ যোগানমন্ত্ৰী গৰাকীৰ অৱশেষত মুখ খোল খায় ৷ নগাঁৱত বুধবাৰে মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত হৈ যোগান বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াৰে এক বৈঠকত মিলিত হয় ৷ যোগান মন্ত্ৰী চৌধুৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত । নগাঁৱৰ আৱৰ্ত ভৱনত অনুষ্ঠিত সভাখনত মন্ত্ৰীদ্বয়ে নগাঁৱত মজুত থকা খাদ্য সামগ্ৰীৰ বুজ লয় ।

সভাৰ অন্তত মন্ত্ৰী চৌধুৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । লক ডাউনৰ সময় বৃদ্ধি হ’লে অসমত এমাহলৈ খাদ্য সামগ্ৰীৰ নাটনি নহয় বুলি মন্তব্য কৰে যোগান মন্ত্ৰী গৰাকীয়ে । এই সময়ছোৱাত কোনো অসাধু ব্যৱসায়ীয়ে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিলে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে যোগানমন্ত্ৰী গৰাকীয়ে ।

লগতে চাওকঃ বিহাৰত উদ্ভাৱন ভাৰতৰ প্ৰথমখন 'Corona warriors' mobile van'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.