ETV Bharat / state

42ৰ শ্বহীদৰ নামত অৰ্পিত হ'ব ক্ৰীড়া প্ৰকল্পঃ প্ৰফুল্ল মহন্ত - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক

নগাঁৱৰ বঢ়মপুৰত 42ৰ শ্বহীদ ঠগী সূতৰ ভূমিত ক্ৰীড়া প্ৰকল্পৰ কামৰ শুভাৰম্ভনি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ ক্ৰীড়া প্ৰকল্পৰ কাম শুভাৰম্ভনি কৰি এনআৰচি আৰু কেবক লৈ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

42ৰ শ্বহীদৰ নামত অৰ্পিত হ'ব ক্ৰীড়া প্ৰকল্পঃ প্ৰফুল্ল মহন্ত
author img

By

Published : Sep 12, 2019, 10:55 PM IST

নগাঁৱ, 12 চেপ্তেম্বৰঃ 1942চনৰ শ্বহীদ ঠগী সূত, ভোগেশ্বৰী ফুকননী, বলো সূত আৰু লক্ষী হাজৰিকাৰ স্মৃতিত বঢ়মপুৰত আৰম্ভ ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ৷ বৃহস্পতিবাৰে নিৰ্মাণকাৰ্যৰ কাম শুভাৰম্ভ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই ৷ শ্বহীদ ঠগী সূতৰ ভূমিত দহ কোটি টকা ব্যয়ৰে নিৰ্মাণৰ কাম আৰম্ভ হোৱা ক্ৰীড়া প্ৰকল্পটো বঢ়মপুৰৰ চাৰিওগৰাকী শ্বহীদৰ নামত অৰ্পিত হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

42ৰ শ্বহীদৰ নামত অৰ্পিত হ'ব ক্ৰীড়া প্ৰকল্পঃ প্ৰফুল্ল মহন্ত

প্ৰকল্পটোৰ শুভাৰম্ভনি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ৷ পূৰ্বৰ দৰেই কেবৰ বিৰোধী স্থিতিত অটল থকা বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিধেয়কখনৰ জৰিয়তে পিচ দুৱাৰেদি বিজেপিয়ে বাংলাদেশৰ হিন্দু বঙালী লোকক অসমত সংস্থাপিত কৰিব বিছৰা বিষয়টোৱে অসমৰ ভাষাকে ধৰি কলা-সংস্কৃতিৰ লগতে জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলাব ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰস্তুতকৰণৰ সময়ত জাতীয় সংগঠনবোৰ মৌন হৈ আছিল, এতিয়া চূড়ান্ত প্ৰকাশৰ পিচত চিঞৰি কোনো লাভ নাই ৷ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা সুবিধাৰ চৰকাৰে যথোপযুক্ত লাভ উঠাব নোৱাৰিলে যাৰ বাবে এতিয়া বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে ৷

Intro:বঢ়ামপুৰত শ্বহীদ ঠগী সূত ক্ৰীড়া প্ৰকল্পৰ কামৰ শুভাৰম্ভনি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এন আৰ চি সন্দৰ্ভত মন্তব্য মহন্তৰ। পূৰ্বৰ দৰেই অটল কেব বিৰোধী স্থিতিত। অসমবাসীক কেবৰ বিৰোধিতা কৰিবলৈ আহ্বান মহন্তৰ।

Body:১৯৪২ ৰ শ্বহীদ ঠগী সূত, ভোগেশ্বৰী ফুকননী ,বলো সূত আৰু লক্ষী হাজৰিকাৰ স্মৃতিত বঢ়মপুৰত আৰম্ভ হৈছে ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্য। বৃহস্পতিবাৰে বঢ়মপুৰত শ্বহীদ ঠগী সূত ক্ৰীড়া প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই। শ্বহীদ ঠগী সূতৰ ভূমিত দহ কোটি টকা ব্যয়ৰে নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা ক্ৰীড়া প্ৰকল্পটো বাঢ়মপুৰৰ চাৰিওগৰাকী ৪২ ৰ শ্বহীদৰ নামত অৰ্পিত হব। প্ৰকল্পটোৰ শুভাৰম্ভনি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এন আৰ চি আৰু কেব সন্দৰ্ভতো কৰে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। কেবৰ বিৰোধিতা কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীকো অভিযোগ দিছিল মহন্তৰ বিৰুদ্ধে। কেব বিৰোধী স্থিতিত অটল থকা বুলি উল্লেখ কৰি প্ৰফুল্ল মহন্তৰ মন্তব্য। এই বিধেয়কৰ জৰিয়তে বাংলাদেশৰ হিন্দু বঙালী লোকক সংস্থাপিত কৰিলে অসমৰ ভাষাই নহয় কলা, সংস্কৃতিৰ ক্ষতি কৰিব। লগতে এন আৰ চি প্ৰসংগতো মহন্তৰ মন্তব্য। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা এন আৰ চি চৰকাৰৰ যন্ত্ৰই প্ৰস্তুত কৰিছে। এন আৰ চিত যদি বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে তেন্তে পূৰ্বেই অভিযোগ দিব লাগিছিল । এতিয়া এন আৰ চিৰ বিৰুদ্ধে চিঞৰা সংগঠনেও এন আৰ চি প্ৰস্তুতৰ সময়ত অভিযোগ নকৰাৰ বাবেই এতিয়া এই সমস্যাৰ সৃষ্টি হোৱা বুলিও মন্তব্য কৰে মহন্তই।
ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এন আৰ চি প্ৰসংগত দেশৰ মুখ্যন্যায়াধীশ ৰঞ্জন গগৈলৈ পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভতো মহন্তৰ মন্তব্য। দুয়োজন গগৈ হল বুলিয়েই তৰুণ গগৈক গুৰুত্ব নিদিয়ে মূখ্য ন্যায়াধীশে। আইন মতেই চাব সকলো বিষয়।
bite-মহন্ত।
-------------------------------------/----/----------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১২-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.