ETV Bharat / state

১৮ টাকৈ হাতীৰ মৃত্যুৰ পিছত কিয় চর্চালৈ আহিছে এটা সৌৰ শক্তি প্ৰকল্পৰ নাম

author img

By

Published : May 15, 2021, 8:25 PM IST

সকলোৰে হৃদয় কঁপাই যোৱা বামুণী পাহাৰৰ ১৮ টাকৈ বন্যহস্তীৰ মৃত্যুৰ পিছতেই চর্চালৈ আহিছে মিকিৰ বামুণী গ্ৰাণ্টত নিৰ্মাণ কাৰ্য্য চলি থকা সৌৰ শক্তি প্ৰকল্পৰ নাম ।

১৮ টাকৈ হাতীৰ মৃত্যুৰ পিছত কিয় চর্চালৈ আহিছে এটা সৌৰ শক্তি প্ৰকল্পৰ নাম
১৮ টাকৈ হাতীৰ মৃত্যুৰ পিছত কিয় চর্চালৈ আহিছে এটা সৌৰ শক্তি প্ৰকল্পৰ নাম

নগাঁও,15মে’: বামুণী পাহাৰত ১৮ টাকৈ হাতীৰ মৃত্যুৰ পিছতেই চর্চালৈ আহিছে মিকিৰ বামুণী গ্ৰাণ্টৰ ব্যক্তিগত কোম্পানীৰ সৌৰ শক্তি প্ৰকল্পৰ প্ৰসংগ । ইটিভি ভাৰতত পূৰ্বেই তথ্য সহকাৰে সম্প্ৰচাৰ হৈছিল হস্তী দণ্ডিতত সৌৰ শক্তিৰ প্ৰকল্প নিৰ্মাণৰ বাতৰি । একেলগে ১৮ টাকৈ হাতীৰ মৃত্যুক লৈ প্ৰকৃতি প্ৰেমীসকলৰ মাজত সৃষ্টি হৈছে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ । এনেদৰে হাতীৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই দল সংগঠনে ।

সকলোৰে হৃদয় কঁপাই যোৱা বামুণী পাহাৰৰ ১৮ টাকৈ বন্যহস্তীৰ মৃত্যুৰ পিছতেই চর্চালৈ আহিছে মিকিৰ বামুণী গ্ৰাণ্টত নিৰ্মাণ কাৰ্য্য চলি থকা সৌৰ শক্তি প্ৰকল্পৰ নাম । যোৱা ৩০ জানুৱাৰীত ইটিভি ভাৰত অসমত সম্প্ৰচাৰিত হৈছিল এটা বাতৰি ৷ ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা বামুণী পাহাৰৰ সমীপৰ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকক উচ্ছেদ কৰি বিশাল কৃষি ভূমিত নিৰ্মাণ নিৰ্মাণ কৰি থকা সৌৰ শক্তি প্ৰকল্পটো আছিল বনৰীয়া হাতী কৰিড'ৰ । হস্তীদণ্ডিতেই এটা বৃহৎ প্ৰকল্প নিৰ্মাণ কাৰ্য্যৰ প্ৰসংগ এতিয়া পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে ১৮ টাকৈ হাতীৰ মৃত্যুৰ পিছতেই ।

উল্লেখযোগ্য যে, দুৰ্গম পাহাৰত বৃহস্পতিবাৰে বিয়লি উদ্ধাৰ হৈছিল ১৮ টা কৈ হাতীৰ মৃতদেহ । বজ্ৰপাত পৰিয়েই ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা বুলি বন বিভাগে দাবী কৰিছে । আনকি শুকুৰবাৰে পুৱাই ঘটনাস্থলীত উপস্থিত হোৱা বনমন্ত্ৰী পৰিমল শুক্লবদ্যইও দাবী কৰিছে প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই হাতীকেইটাৰ মৃত্যু হোৱা বুলি । কিন্তু ইয়াৰ বিপৰীতে একাংশ দল সংগঠনে যেন মানি ল’ব পৰা নাই এয়া প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই সংঘটিত হোৱা ঘটনা বুলি । কোনো দুষ্ট প্ৰকৃতিৰ লোকৰ ভয়ংকৰ ষড়যন্ত্ৰ পৰিণতিৰ ফলতেই হাটীকেইটাৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে দল সংগঠনে ।

আনহাতে ১৮ টাকৈ হাতীৰ কৰুণ মৃত্যুৰ পিছতেই বামুণী পাহাৰত উপস্থিত হোৱা ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবদ্যই এই স্থানতেই স্মৃতিসৌধ নিৰ্মাণৰ কথা ঘোষণা কৰে । পৰ্য্যটক দূৰৈৰ কথা কোনো লোকৰ আহ জাহ নকৰা দুৰ্গম পাহাৰত মৃত্যু হোৱা হাতীৰ স্মৃতিসৌধ নিৰ্মাণ কৰাটো কিমান যুক্তিসংগত ৷ কি উপকাৰ হ’ব নিৰ্মাণ কৰিব বিচৰা স্মৃতিসৌধৰ পৰা তাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে স্থানীয় দল সংগঠনে ৷ ইতিমধ্যে মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱা হাতীকেইটাৰ মৃত্যুৰ উচ্চ পৰ্য্যায়ৰ তদন্ত হলেহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়কঃ দেওবাৰৰ পৰা ৰাজ্যত দিনৰ ১১ বজাতে বন্ধ হ’ব সকলো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.