ৰূপহীহাট,30 নৱেম্বৰঃ অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এক বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ৰূপহীহাট আৰক্ষী ৷ শনিবাৰে নিশা ৰূপহী আৰক্ষীয়ে এক বিশেষ অভিযানত চাৰিটাকৈ কুখ্যাত ড্ৰাগছ ব্যবসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটা ক্ৰমে, নগাঁও টাউনৰ কছলোখোৱাৰ টুটু দাস, পানীগাঁৱৰ কেচাআলীৰ আলমিছ ইফটিকাৰ আলম, চকিটুপৰৰ জহুৰ আলীৰ আৰু ৰূপহীহাটৰ নুৰুল আমিন ৷
আৰক্ষী চকীটোৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ ভাষ্যনুসৰি, ৰূপহী পেট্ৰল পাম্পৰ ওচৰত সন্দেহজনকভাৱে চলা-ফুৰা কৰি থকা অৱস্থাত আৰক্ষীৰ টহলদাৰী এটা দলে ড্ৰাগছ ব্যৱসায়ী কেইটাক আটক কৰে ৷ আটকাধীন সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে প্ৰায় ডেৰ লাখ টকাৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰাৰ লগতে ধৃত ব্যবসায়ী কেইটাই ব্যৱহাৰ কৰা As-02-C-8181 নম্বৰ ৱাগেনাৰ আৰু As-02-Z-1849 নম্বৰৰ বাইকও জব্দ কৰে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে ৷
আৰু পঢ়ক গোলাঘাটত গাড়ীসহ আটক চাৰি ছাগলী চোৰ!