ETV Bharat / state

বটদ্ৰৱাত দৰিদ্ৰ লোকলৈ সাহাৰ্য আৰু আৰোগ্য নিধিলৈ অনুদান বিভিন্নজনৰ - আৰোগ্য নিধি

ধিঙৰ বেছামাৰী গাঁৱৰ গেৰেকনি বালিকা মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল খালেক, কুঁজি সত্ৰৰ ২৪ গৰাকী চৰকাৰী কৰ্মচাৰী আৰু বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাই আজি কেইবাটাও অঞ্চলৰ লোকৰ মাজত সাহাৰ্য বিতৰণ কৰে । ইয়াৰোপৰি কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ, ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ সহায়ৰ হাত আগবঢ়াইছে বটদ্ৰৱাৰ এজন টেট শিক্ষক আৰু গাঁওৰক্ষী বাহিনীয়ে ।

donated food to needy people of batadrava

author img

By

Published : Apr 10, 2020, 5:19 PM IST

নগাঁও, 10 এপ্ৰিলঃ চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ধিঙৰ বেছামাৰী গাঁৱৰ গেৰেকনি বালিকা মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল খালেক ওলাই আহিছে দৰিদ্ৰ লোকক সহায়ৰ বাবে । নিজ অঞ্চলৰ প্ৰায় ৫০ জনৰো অধিক দৰিদ্ৰ পৰিয়ালক চাউল, দাইল, নিমখ, পিঁয়াজ, মিঠাতেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে শিক্ষকগৰাকীয়ে ।

ইয়াৰোপৰি দিন হাজিৰাৰে পৰিয়াল চলোৱা ২০০ টাকৈ দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰে বটদ্ৰৱাৰ কুঁজি সত্ৰৰ ২৪ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে । বটদ্ৰৱা সমষ্টিৰ বৰছিলা পঞ্চায়তৰ অন্তগৰ্ত কুঁজি সত্ৰৰ ২০০ টা পৰিয়ালৰ ঘৰে ঘৰে গৈ দূৰত্ব বজাই ৰাখি শৃংখলাবদ্ধভাৱে খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰে লোকসকলে ।

ৰৈ নাথাকিল বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাও । হাতে হাতে খাদ্য সামগ্ৰীৰ টোপোলা লৈ ২৫০ টা পৰিয়ালক বিতৰণ কৰিলে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাই ।

বটদ্ৰৱাত দৰিদ্ৰ লোকলৈ সাহাৰ্য আৰু আৰোগ্য নিধিলৈ অনুদান ভিন্নজনৰ

বটদ্ৰৱাৰ খলিহামাৰিতো মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ কৰ্মচাৰী সকলে ঠেলাত খাদ্য সামগ্ৰী লৈ ঘৰে ঘৰে চাউল, দাইল, আলু, পিয়াঁজ, মিঠাতেল আদি বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰে দুখীয়া পৰিয়াল সমূহক ।

ইয়াৰ লগতে কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ, ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ সহায়ৰ হাত আগবঢ়াইছে বটদ্ৰৱাৰ এজন টেট শিক্ষকে । বটদ্ৰৱা সমষ্টিৰ কুঁজি সত্ৰৰ নৃপেন চন্দ্ৰ হীৰাই 10 হাজাৰ টকাৰ এখন চেক বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ হাতত অৰ্পন কৰি অসম আৰোগ্য নিধিলৈ প্ৰদান কৰে । লগতে তিনি গৰাকী লোকে মিলি দুখীয়া লোকৰ মাজত কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে ।

ইয়াৰ লগতে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ২৫,০০০ টকাৰ অনুদান আগবঢ়ালে বটদ্ৰৱা থানাৰ গাঁওৰক্ষী বাহিনীয়ে ।

লগতে পঢ়কঃ অসম চৰকাৰৰ আৰোগ্য নিধিলৈ কণমানি কেশৱৰ 10 হাজাৰ টকাৰ অনুদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.