নগাঁও,6 ডিচেম্বৰঃ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে দেওবাৰে এক সফল অভিযান চলায় নগাঁও আৰক্ষীয়ে ৷ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এল মোহন মিনাৰ নেতৃত্বত ধিঙৰ সোনাৰী গাঁৱৰ হাবিল আলিৰ ঘৰত চলোৱা এক অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছৰ লগতে গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷ এই অভিযানত ২ কিলোগ্ৰাম হেৰ'ইন, আফিং ৯.7 গ্ৰামৰ লগতে ১ কুইন্টল গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ জব্দ কৰা নিচাযুক্ত দ্ৰব্যখিনিৰ মূল্য প্ৰায় ৭ ৰ পৰা ৮ কোটি টকা হ’ব বুলি জানিবলৈ দিছে নগাঁও আৰক্ষীয়ে ৷
উল্লেখ্য যে, গোপন সুত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে বিগত কেইবাদিন ধৰি চোকা নজৰ ৰাখিছিল ড্ৰাগছ সৰবৰাকাৰী এই বৃহৎ চক্ৰটোৰ ওপৰত ৷ তাৰেই ফলশ্ৰুতিত ড্ৰাগছৰ এই বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ৷ এই অভিযানত মূল অভিযুক্ত হাবিল আলিৰ লগতে মফিদুল হক আৰু বাহাদুল আলম নামৰ তিনিজনক আটক কৰাৰ লগতে হাবিল আলিৰ ঘৰৰ পৰা আৰক্ষীয়ে নগদ আঠ লাখ টকা আৰু দুখন বিলাসী বাহনো জব্দ কৰিছে ৷
লগতে পঢ়ক-কামপুৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী