ETV Bharat / state

নগাঁও: কিছু কমিছে অপৰাধ; তৰিৎ গতিত সংগ্ৰহ কৰ - Crime in Nagaon

Nogaon crime rate: ২০২২ বৰ্ষৰ তুলনাত ২০২৩ বৰ্ষত নগাঁও জিলাত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা । ইয়াৰ বিপৰীতে বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণ । ২০২২ বৰ্ষত দুই কোটি টকা ৰাজহ সংগ্ৰহৰ বিপৰীতে ২০২৩ বৰ্ষত ৯ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । বিগত বৰ্ষটোত কিমান অপৰাধজনিত কিমানটা গোচৰ ৰুজু হৈছে নগাঁও জিলাত ? এই সন্দৰ্ভত এক প্ৰতিবেদন...

Nagaon police
Crime rate in Nagaon
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 4:28 PM IST

নগাঁও, 5 জানুৱাৰী: বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনাৰ বাবে সততে চৰ্চালৈ অহা নগাঁও জিলাত 2022 বৰ্ষৰ তুলনাত কিঞ্চিৎ হ্ৰাস পাইছে অপৰাধৰ সংখ্যা ৷ কিছু বছৰ আগলৈকে ড্ৰাগছ, বিভিন্ন চোৰাং বেহা, হত্যা, ধৰ্ষণ, চুৰি-ডকাইতি আদি অপৰাধে ভিতৰি ভিতৰি শিপাই পেলাইছিল নগাঁও জিলাত ৷ কিন্তু আৰক্ষীয়ে লাহে লাহে সেই শিপাবোৰ উঘালিবলৈ সক্ষম হোৱাৰ ইংগিত পোৱা গৈছে ৷ নগাঁৱত অপৰাধীয়ে আৰক্ষীক কেৰেপ নকৰে বুলি গঢ় লোৱা ধাৰণাক মিছা বুলি প্ৰমাণ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অপৰাধীৰ বিৰুদ্ধে অভিযান ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি নগাঁও জিলাত ২০২২ বৰ্ষৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিছে অপৰাধৰ সংখ্যা । ইয়াৰ বিপৰীতে জিলাখনত ২০২২ বৰ্ষৰ তুলনাত বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণ । নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০২২ বৰ্ষত জিলাখনত চাৰি হাজৰৰো অধিক অপৰাধজনিত গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২৩ বৰ্ষত জিলাখনত ৩,৯২২ টা অপৰাধজনিত গোচৰ ৰুজু হৈছে । ইয়াৰে ড্ৰাগছ সম্পৰ্কীয় গোচৰৰ সংখ্যা ৩৫৪ টা ।

নগাঁও আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত ৫৯৮ টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ বৰ্ষত নগাঁৱত সংঘটিত হোৱা ৫৩৭ টা দুৰ্ঘটনাত ২২৮ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল । আনহাতে বিগত বৰ্ষত পূৰ্বৰ তুলনাত অধিক ৰাজহ সংগ্ৰহ কৰিবলৈও সক্ষম হয় নগাঁও আৰক্ষী । ২০২২ বৰ্ষত জিলাখনত ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল দুই কোটি টকা । ইয়াৰ বিপৰীতে ২০২৩ বৰ্ষত জিলাখনত ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হয় ৯ কোটিলৈ ।

উল্লেখযোগ্য যে, বিগত সময়ত এছ পি লীনা দলেৰ কাৰ্যকালত জিলাখনত ড্ৰাগছকে ধৰি অন্যান্য অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছিল । আনকি বিগত বৰ্ষত নগাঁও আৰক্ষীৰে এগৰাকী মহিলা উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কতো সাঙোৰ খাই পৰিছিল তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে । যি গোচৰৰ তদন্ত আজিও অব্যাহত ৰাখিছে কেন্দ্ৰীয় অনুসন্ধান সংস্থা CBI এ ।

এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ বিতৰ্কত সাঙোৰ খোৱাৰ পিচতেই লীনা দলেক বদলি কৰি নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হয় নৱনীত মহন্তক । জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰাই নৱনীত মহন্তই ড্ৰাগছ সৰবৰাহৰ লগতে অন্যান্য অপৰাধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় ।

অৱশ্যে এতিয়াও অপৰাধমুক্ত হোৱা নাই নগাঁও জিলা৷ মূল চহৰৰ বিভিন্ন গলিৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল আৰু জিলাখনৰ আন বহু অঞ্চলত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ প্ৰচলন ৷ অক্টোপাছ ৰূপী এটা চক্ৰই কলঙৰ দুয়োপাৰে বিস্তাৰিত হৈ থকা এই জিলাখনত মেলি দিছে বৰবিহ ৷ যি ড্ৰাগছৰ কঁৰাল গ্ৰাসত পৰি নিজৰ বহুমূলীয়া জীৱন ধ্বংস কৰি পেলাইছে বহু নগঞা নৱপ্ৰজন্মই ৷ আগন্তুক সময়ত নগাঁৱৰ পৰা অপৰাধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বৰ নগাঁও আৰক্ষীয়ে কিদৰে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক: কয়লাৰ গাড়ীখনৰ কথা কিয় নক’লে মুখ্যমন্ত্ৰীয়ে ? সৰ্বত্ৰে উঠিছে প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.