বটদ্ৰৱা, 23 মে’: বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত কোৱাৰেণ্টাইন কেম্পত থকা এজন যুৱকৰ দেহত কোভিড-19 পজিটিভ পোৱাৰ পিছতেই আতংকিত হৈ পৰিছে সমগ্র বটদ্ৰৱা অঞ্চল । তামিলনাডুৰ চেন্নাইৰ পৰা অহা যুৱকজন নগাঁৱৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰ গাঁৱৰ নিৱাসী নজিবুৰ হুছেইন ৷ 18 মে’ৰ পৰা কোৱাৰেণ্টাইন কেম্পত থকাৰ পিছতে শুকুৰবাৰে নিশা তেওঁৰ দেহত ধৰা পৰে কৰ’ণা পজিটিভ ৷
আনহাতে, বটদ্ৰৱাত কোৱাৰাইন্টাইন কেম্পৰ পৰা বাহিৰলৈ ওলাই গৈ কোৱাৰেণ্টাইন কেম্পৰ সমীপতে থকা বজাৰত কেইবাজনো লোক ঘুৰি ফুৰাৰ অভিযোগ উত্থাপন হৈছে । ইয়াকে লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
লগতে পঢ়ক: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাক কোৱাৰেণ্টাইন