কামপুৰ, 2 জুন : কপিলী নৈৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত জলসম্পদ বিভাগে নগাঁও জিলাৰ কামপুৰৰ গুইমাৰীত বান্ধ নিৰ্মাণৰ কামত ব্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে | কামপুৰৰ ৰাইজৰ প্ৰবল দাবীৰ পাচতে জলসম্পদ বিভাগে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ আৰু পশ্চিম গুইমাৰীত কপিলী নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম হাতত লয় যদিও জলসম্পদ বিভাগে বান্ধ নিৰ্মাণৰ কামৰ বিতং তথ্য ৰাইজক অৱগত কৰাৰ পৰা বিৰত থাকে ।
ইপিনে এক কোটি নব্বৈ লাখ টকা অনুমোদনেৰে সুনিত শৰ্মা, সত্য কুমাৰ দাস, দুৰ্গা প্ৰসাদ উপাধ্যায় আৰু আৰিফুৰ ৰহমান নামৰ চাৰিগৰাকী ঠিকাদাৰে বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও নিম্নমানৰ শিলেৰে কাম আৰম্ভ কৰাত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ অতি নিম্নমানৰ শিল ব্যৱহাৰেৰে নিৰ্মাণ কৰা বান্ধটো পুনৰ ভাঙি যোৱাৰ শংকাত শংকিত গাঁওবাসী ।