ETV Bharat / state

মোক মোতকৈও ভালকৈ জানে মুখ্যমন্ত্ৰীয়ে; কিয় ক’লে ৰকিবুল হুছেইনে ?

author img

By

Published : Apr 20, 2022, 9:21 PM IST

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ দল ত্যাগৰ(Ripun Bora quits Congress) পাছতেই দুদিনত দুই বিপৰীত ভাষ্য প্ৰদান কৰিলে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ৷ এদিন যদি ৰিপুন বৰা বহল অন্তৰৰ মানুহ বুলি কয়, আন এদিন উদঙায় ৰিপুন বৰাৰ মিথ্যাচাৰ । ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভালকৈ বুজি পায় বুলিও ক’লে ৰকিবুল হুছেইনে ৷

Rockybul Hussain comments on Ripun Bora
মোক মোতকৈও ভালকৈ জানে মুখ্যমন্ত্ৰীয়ে: ৰকিবুল হুছেইন

নগাঁও, 20 এপ্ৰিল : অনিল ৰাজা, দুলু আহমেদ, ৰূপজ্যোতি কুৰ্মীকে ধৰি প্ৰায় সংখ্যক নেতাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে স্বেচ্ছাচাৰিতা, মইমতালি আদি একাধিক অভিযোগ তুলি ত্যাগ কৰিছিল কংগ্ৰেছ । ৰকিবুল হুছেইনকে কংগ্ৰেছ ধ্বংসৰ মূল বুলি ইতিমিধ্যেই অভিহিত কৰিছে কংগ্ৰেছ ত্যাগী বহু নেতাই । কিন্তু এতিয়াও নিজকে মাৰ্কেটত ডিমাণ্ড থকা বুলি ভাবে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

ৰিপুন বৰাৰ দল ত্যাগক (Ripun Bora quits Congress) লৈ দুদিনত দুখনকৈ সংবাদ মেলৰ আয়োজন কৰিছিল ৰকিবুল হুছেইনে ৷ মঙলবাৰে আয়োজন কৰা সংবাদমেলৰ কংগ্ৰেছ নেতাগৰাকীয়ে কৈছিল যে, ৰিপুন বৰাক বহুতে জ্বলাইছিল । ৰিপুন বৰা বহল অন্তৰৰ মানুহ । মঙলবাৰৰ পাছত বুধবাৰেও সংবাদ মেলৰ আয়োজন কৰে প্ৰাক্তন প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনে । এইবাৰ সংবাদমেল আয়োজন কৰি ৰকিবুল হুছেইনে উদঙালে ৰিপুন বৰাৰ মিথ্যাচাৰ ।

ৰকিবুল হুছেইনে পাঠ কৰিও শুনালে ৰিপুন বৰাই কংগ্ৰেছ হাইকামণ্ডলৈ প্ৰেৰণ কৰা পত্ৰ । ৰকিবুল হুছেইনৰ মতে ১৯৭৬ চনৰ পৰা একেৰাহে কংগ্ৰেছ কৰা নাছিল ৰিপুন বৰাই (Rockybul Hussain comments on Ripun Bora)। আনকি ৰিপুন বৰাক বহল অন্তৰৰ মানুহ আখ্যা দিয়াৰ এটা দিন পিছতেই ৰিপুন বৰাৰ বুদ্ধি চুটি বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগও উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্য মোক মোতকৈ বেছি জানে মুখ্যমন্ত্ৰীয়ে (Rockybul Hussain comments on Himanta Biswa Sarma)। মুঠৰ ওপৰত বিধ্বস্ত কংগ্ৰেছক লৈ এতিয়া চলিছে এটাই চৰ্চা । সঁচাকৈয়ে কংগ্ৰেছত আছে নেকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট ।

লগতে পঢ়ক: Assam Arunachal Border Dispute : গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.