ETV Bharat / state

মাজনিশাও প্ৰচাৰত ব্যস্ত ৰকিবুল হুছেইন - কুহুমতলি পঞ্চায়ত

কংগ্ৰেছৰ শাসনকালত চামগুৰি সমষ্টিৰ খাটোৱাল গাঁও পঞ্চায়তৰ কিমানগৰাকী নিবনুৱাই নিযুক্তি লাভ কৰিছিল ? বিজেপিৰ শাসন কালত কিমানজনে লাভ কৰিছে চৰকাৰী চাকৰি ? নিৰ্বাচনী প্ৰচাৰ সভাত নিযুক্তিৰ তথ্য দাঙি ধৰিলে বৰ্তমানৰ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ।

চামগুৰিত মাজনিশা পৰ্যন্ত প্ৰচাৰ চলালে ৰকিবুল হুছেইনে

author img

By

Published : Mar 18, 2021, 4:51 PM IST

চামগুৰি,১৮ মাৰ্চ: নগাঁৱৰ চামগুৰি সমষ্টি পুনৰ দখলৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে বৰ্তমানৰ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে । সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে দিনে-নিশা প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে ।

বুধবাৰে সমষ্টিটোৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ অন্তৰ্গত খাটোৱাল কনোৱামাৰী, মোৱামাৰী আৰু কুহুমতলি পঞ্চায়তত ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়কগৰাকীৰ বাবে প্ৰায় দুই সহস্ৰাধিক লোকে নিশা ১২ বজালৈকে অপেক্ষা কৰি থকা পৰিলক্ষিত হয় ।

চামগুৰিত মাজনিশা পৰ্যন্ত প্ৰচাৰ চলালে ৰকিবুল

বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে হুছেইনে । কংগ্ৰেছৰ কাৰ্যকালৰ সময়ত কিমান সংখ্যক নিবনুৱাই চৰকাৰী চাকৰি লাভ কৰিলে আৰু কি কি আঁচনি ৰূপায়ণ কৰা হৈছিল তাৰ খতিয়ান দাঙি ধৰে জেষ্ঠ নেতাজনে ।

লগতে পঢ়ক: আজি কৰিমগঞ্জলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.