ETV Bharat / state

শিল্পীৰ চিকিৎসা সাহায্যৰ বাবে ‘পদপথৰ লোক সাংস্কৃতিক অনুষ্ঠান’ - পদপথৰ লোক সাংস্কৃতিক অনুষ্ঠান

বহুমূখী প্ৰতিভাৰে পৰিপূৰ্ণ সাংস্কৃতিক কৰ্মী কেশৱ পাচনীৰ চিকিৎসা সাহায‍্য একত্ৰিত কৰাৰ বাবে কলিয়াবৰৰ জখলাবন্ধাত লাঙি মধুপুৰ (মৰিয়া গাঁও) জিকিৰ চৰ্চা কেন্দ্ৰৰ "পদপথৰ লোক সাংস্কৃতিক অনুষ্ঠান’’ নামেৰে নিজৰ সংগীত পৰিৱেশন কৰে।

Charrity show in Noagaon for medical help of an Artist
শিল্পীৰ চিকিৎসা সাহায্যৰ বাবে ‘পদপথৰ লোক সাংস্কৃতিক অনুষ্ঠান’
author img

By

Published : Feb 3, 2020, 2:52 AM IST

নগাঁও, 2 ফেব্ৰুৱাৰীঃ ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে’ ভূপেন হাজৰিকাৰ এই যুগজয়ী গীতৰ মৰ্ম বুজিলেই মানুহ আগবাঢ়ি আহে সেই একে মানুহৰেই সহায় কৰিবলৈ ৷ কেশৱ পাচনী নামৰ এগৰাকী বহুমূখী প্ৰতিভাৰে পৰিপূৰ্ণ সাংস্কৃতিক কৰ্মীগৰাকীৰ চিকিৎসা সাহায্যৰ বাবে পথত গীত পৰিৱেশন লাঙি মধুপুৰ (মৰিয়া গাঁও) জিকিৰ চৰ্চা কেন্দ্ৰৰ ৷ দেওবাৰে কলিয়াবৰৰ জখলাবন্ধাত লাঙি মধুপুৰ (মৰিয়া গাঁও) জিকিৰ চৰ্চা কেন্দ্ৰৰ "পদপথৰ লোক সাংস্কৃতিক অনুষ্ঠান’’ নামেৰে নিজৰ সংগীত পৰিৱেশন কৰে। উদ্দেশ‍্য বহুমুখী প্ৰতিভাধৰ কেশৱ পাচনীৰ চিকিৎসা সাহায‍্য একত্ৰিত কৰা। জিকিৰ দলটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি কলিয়াবৰত জিকিৰ চৰ্চাত বিশেষ উদগনি যোগোৱা কেশৱ পাচনীৰ বাবে গীত পৰিৱেশন কৰি স্থানীয় জিকিৰ শিল্পীসকলে জিকিৰ-নাম পৰিৱেশন কৰি চিকিৎসা ব‍্যয় যোগাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

শিল্পীৰ চিকিৎসা সাহায্যৰ বাবে ‘পদপথৰ লোক সাংস্কৃতিক অনুষ্ঠান’

উল্লেখ্য যে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হোৱা কেশৱ পাচনিৰ চিকিৎসা সাহায্যৰ বাবে ইতিমধ্যেই কুঁৱৰীটোল, হাটবাৰী তথা জখলাবন্ধাত নিজৰ অনুষ্ঠান পৰিৱেশন কৰি একত্ৰিত কৰিছে ধন ৷ জিকিৰ আৰু হৰিনাম পৰিৱেশনেৰে এক অনন্য নিদৰ্শন দাঙি ধৰা এই দলটোৱে অব্যাহত ৰাখিছে সাহায্য একত্ৰিত কৰাত ৷ আৰ্থিকভাৱে দুৰ্বল পাচনিৰ বাবে এই চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন গোটাবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ একেধাৰে বাঁহীবাদক, চিত্ৰকৰ, অভিনেতা, কেৰম খেলুৱৈ, শিক্ষক কেশৱ পাচনীৰ চিকিৎসা সাহায্যৰ বাবে ইতিমধ্যই মন্ত্ৰী কেশৱ মহন্তই সহায়ৰ হাত আগবঢ়াইছে যদিও পৰিয়ালৰ তৰফৰ পৰা অসমৰ মুখ‍্যমন্ত্ৰী আৰু স্বাস্থ‍্যমন্ত্ৰীৰো সহায়ৰ আশা ব্যক্ত কৰিছে।

আনহাতে কেশৱ পাচনীৰ বাঁহীত মধুৰ সুৰ আৰু তুলিকাৰে প্ৰতিটো মুহূৰ্তক সুন্দৰ-মোহনীয়া কৰি ধৰি ৰাখিবলৈ ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাৰ কেশৱ পাচনীৰ একাউণ্ট নং : 11656808895, IFSC SBIN0004273 ত আৰ্থিক সহায় আগবঢ়াই শিল্পীগৰাকীক সহায় কৰি মহৎ উপকাৰ সাধন আপুনিও কৰিব পাৰে।

আৰু পঢ়কঃবৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰিল কলাগুৰু সংগীত মহোৎসৱ

Intro:পদপথত "মানুহে মানুহৰ বাবে" সহায়ৰ গীত

বহুমুখী প্ৰতিভাধৰ শিল্পী কেশৱ পাচনীৰ চিকিৎসা সাহায‍্যৰ আবেদনেৰে পদপথত গীত পৰিৱেশন লাঙি মধুপুৰ (মৰিয়া গাঁও) জিকিৰ চৰ্চা কেন্দ্ৰৰ "পদপথৰ লোক সাংস্কৃতিক অনুষ্ঠানBody:দেওবাৰে কলিয়াবৰৰ জখলাবন্ধাত লাঙি মধুপুৰ (মৰিয়া গাঁও) জিকিৰ চৰ্চা কেন্দ্ৰৰ "পদপথৰ লোক সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। উদ্দেশ‍্য মহুমুখী প্ৰতিভাধৰ শিল্পী কেশৱ পাচনীৰ চিকিৎসা সাহায‍্য একত্ৰত কৰা। জিকিৰ দলটিৰ লগত ওতপ্ৰোতভাবে জড়িত থাকি কলিয়াবৰত জিকিৰ চৰ্চাত বিশেষ উদগনি যোগোৱা কেশৱ পাচনীৰ বাবে গীত পৰিৱেশন কৰি স্থানীয় জিকিৰ শিল্পীসকলে জিকিৰ-নাম পৰিৱেশন কৰি চিকিৎসা ব‍্যয় যোগাৰত ব‍্যস্ত হৈ পৰে।
উল্লেখযোগ‍্য যে, যোৱা মঙ্গলবাৰে কুঁৱৰীটোল আৰু বৃহস্পতিবাৰে হাটবৰত দলটিয়ে গীত পৰিৱেশন কৰি চিকিৎসা সাহায‍্য একত্ৰিত কৰিছে। আজি জখলবন্ধাত দলটোৱে মহানুভৱৰ পৰিচয় দি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ দুয়োটা বৃক্ক বিকল হৈ পৰা কেশব পাচনীৰ বাবে চিকিৎসা সাহায‍্য বিচাৰি দলটোৱে জিকিৰৰৰ লগতে হৰিনামো পৰিৱেশন কৰে। ইতিমধ‍্যে এটা বৃক্ক সংৰোপন কৰাতো অতি প্ৰয়োজনীয় হৈ পৰিছে যদিও আৰ্থিকভাবে দুৰ্বল কেশৱ পাচনীক সহায়ৰ বাবে কলিয়বৰীয়া ৰাইজে টঙালি বান্ধিছে।
একেধাৰে বাঁহীবাদক, চিত্ৰকৰ, অভিনেতা, কেৰম খেলুৱৈ, শিক্ষক কেশৱ পাচনীৰ চিকিৎস সাহায‍্য একত্ৰিত কৰাৰ বাবে কেশৱ পাচনীৰ গুণমুগ্ধ সকলৰ এনে কাৰ্য‍্যৰ জৰিয়তে "ৰাইজে নখ জোকাৰিলে নৈ বয়" বোলা কথাষাৰ পুণৰ প্ৰমাণ কৰিছে। ইতিমধ‍্যে স্থানীয় বিধায়ক ততা মন্ত্ৰী কেশৱ মহন্তই সহায়ৰ হাত আগবঢ়াইছে লগতে পৰিয়ালৰ তৰফৰ পৰা অসমৰ মুখ‍্যমন্ত্ৰী আৰু স্বাস্থ‍্য মন্ত্ৰীৰো সহায় আশা কৰিছে। সেয়ে সকলোৱে আশা কৰিছে কলিয়াবৰৰ প্ৰতিটো শৈল্পীক কাৰ্য‍্যক্ৰমত একান্ত সহযোগী হৈ থিয় দিয়া কেশৱ পাচনীৰ সৈতে এই বিপদৰ সময়ত সকলো ঠিয় দিয়ক।
কেশৱ পাচনীৰ বাঁহীত মধুৰ সুৰ আৰু তুলিকাৰে প্ৰতিটো মূহুৰ্তক সুন্দৰ-মোহনীয়া কৰি ধৰি ৰখাত সহায় কৰিব। ভাৰতীয় ষ্টেট ব‍্যঙ্কৰ কলিয়াবৰ শাখাৰ কেশৱ পাচনীৰ একাউণ্ট নং : 11656808895, IFSC SBIN0004273 ত আৰ্থিক সহায় আগবঢ়াই শিল্পীগৰাকীক সহায় কৰি মহৎ উপকাৰ সাধন কৰক।Conclusion:Visuals
Bite Dilip Hazarika, Rector Shishu Bidyapith
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.