ETV Bharat / state

কলিয়াবৰত কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয়ৰ পৰ্যবেক্ষক দল

author img

By

Published : Aug 27, 2020, 6:27 PM IST

কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয় পৰ্য‍ায়ৰ এক পৰ্যবেক্ষক দলে কলিয়াবৰৰ বৰঘুলীৰ গৰাখহনীয়া আৰু বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় ৷ লগতে, অসম চৰকাৰৰ জল সম্পদ আৰু ৰাজহ বিভাগৰ উচ্চ পদস্থ বিষয়াৰে আলোচনাত মিলিত হয় ।

Central Team at Kaliabor to Observe Erosion at Barghuli Kaliabor
কলিয়াবৰৰ খহনীয়া অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয়ৰ পৰ্যবেক্ষক দলৰ

কলিয়াবৰ, 27 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বানপানীয়ে তাণ্ডৱ চলাইছিল অসমত ৷ অসমৰ প্ৰায় 30 খন জিলা বানপানীত বুৰ গৈ লক্ষাধিক বন্যাৰ্তই ঘৰ-মাটি হেৰুৱাওৱাৰ উপক্ৰম হৈছে ৷ ইপিনে, বানপানীৰ সমান্তৰালভাবে গৰাখহনীয়া সমস্যাই জুৰুলা কৰিছে ৰাজ্য়ৰ বিভিন্ন অঞ্চলক ৷

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয় পৰ্য‍ায়ৰ এক পৰ্যবেক্ষক দলে কলিয়াবৰৰ বৰঘুলীৰ গৰাখহনীয়া আৰু বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় ৷ বিগত কেইবাবছৰ ধৰি খহনীয়াত সৰ্বশ্ৰান্ত হৈছে কলিয়াবৰৰ বৰঘূলী অঞ্চল । বিগত বছৰত বৰঘুলীৰ কৃষি বান্ধটোৰ একাংশ খহনীয়াত জাহ যোৱাৰ ফলত শেহতীয়াকৈ বানত বুৰ গৈছিল বৰঘুলীৰ বিস্তৃত অঞ্চল । খহনীয়া ৰোধ কৰিবলৈ অসম চৰকাৰৰ জল সম্পদ বিভাগৰ বিভিন্ন আঁচনিয়ে এই পৰ্য‍ন্ত ৰোধ কৰিব পৰা নাই ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া ।

ইপিনে, খহনীয়াৰ কাৰণ সন্দৰ্ভত এক উচ্চ পৰ্য‍ায়ৰ কেন্দ্ৰীয় পৰ্য‍বেক্ষকৰ দলে বৰঘূলীত উপস্থিত হৈ খহনীয়া অঞ্চল পৰ্য‍বেক্ষণ কৰি অসম চৰকাৰৰ জল সম্পদ আৰু ৰাজহ বিভাগৰ উচ্চ পদস্থ বিষয়াৰে আলোচনাত মিলিত হয় । পৰ্য‍বেক্ষণ কালত নগাঁও জিলাৰ নৱ নিযুক্ত উপায়ুক্ত কবিতা পদ্মনাভন আৰু কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগে দলটোক খহনীয়া আৰু বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে । অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ নিজ সমষ্টিত কেন্দ্ৰীয় পৰ্য‍বেক্ষক দলৰ উপস্থিতিয়ে যথেষ্ট তাৎপৰ্য‍্য বহন কৰিছে ।

লগতে পঢ়ক : ডুমডুমাত চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংস্কৃতিক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.