ETV Bharat / state

Piyush Hazarika in Nagaon: মাটিৰ নথি পত্ৰ নথকা পৰিয়াল উচ্ছেদ কৰাতো বেআইনী নহয়; পীয়ূষ হাজৰীকা - বনভূমি বেদখলমুক্ত

ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চত (Tripura Assembly election) ৷ এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপিয়ে অসমৰ 12খন আসন লাভ কৰিব বুলিও দাবী মন্ত্ৰীগৰাকীৰ (Minister Piyush Hazarika) ৷ লগতে বাল্যবিবাহ বিৰোধী অভিযানক লৈয়ো মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷

Piyush Hazarika in Nagaon
লোকসভা নিৰ্বাচনত 12খন আসন লাভ কৰিব বিজেপিয়ে; পীয়ূষ হাজৰিকা
author img

By

Published : Feb 16, 2023, 4:45 PM IST

লোকসভা নিৰ্বাচনত 12খন আসন লাভ কৰিব বিজেপিয়ে; পীয়ূষ হাজৰীকা

নগাঁও, 16 ফেব্ৰুৱাৰী: ত্ৰিপুৰাত বিজেপিয়েই গঠন কৰিব চৰকাৰ (Tripura Assembly election) ৷ এই দাবী ৰাজ্যিক কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰীকাৰ ৷ আগন্তুক লোকসভা নিৰ্বাচন, বাল্যবিবাহ বিৰোধী অভিযান, উচ্ছেদ অভিযান আদি কেইবাটাও বিষয়ত মন্তব্য জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰীকা (Minister Piyush Hazarika) ৷

উল্লেখ্য যে, ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অসমত উপস্থিত হৈ বৃহস্পতিবাৰে নগাঁও জিলা বিজেপি কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে (Nagaon BJP office) ৷ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত কেইবাটাও বিষয় সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াই ৷ ইফালে নাম নোলোৱাকৈয়ে কংগ্ৰেছ দলকো কটাক্ষ মন্ত্ৰীগৰাকীৰ (Piyush Hazarika slams congress) ৷ তেওঁ কয় যে, পূৰ্বে জীৱ হত্যা কৰা হৈছিল ৷ কিন্তু বিজেপিয়ে বনাঞ্চল সুৰক্ষা দিব, বনভূমি বেদখল মুক্ত কৰিব ৷

লাওখোৱা বুঢ়াচাপৰিত চলা উচ্ছেদত বিধায়ক নুৰুল হুদাই বাধা দিয়া প্ৰসংগতো মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই (Eviction drive in Assam) ৷ তেওঁ কয়, ‘‘মাটিৰ নথি পত্ৰ থকা লোকক উচ্ছেদ কৰাটোহে অন্যায় ৷ কিন্তু মাটিৰ নথি পত্ৰ নথকা প্ৰতিটো পৰিয়ালকে বনভূমিৰ পৰা উচ্ছেদ কৰা হ'ব । ’’ কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয়, ‘‘তেওঁলোকৰ দিনত গঁড়কে ধৰি বন্য জীৱ জন্তুৰ হত্যা হৈছিল ৷ কিন্তু বিজেপি চৰকাৰে বনাঞ্চল সুৰক্ষিত কৰি বন্য জীৱ জন্তু ৰক্ষাৰ বাবে আগবাঢ়িছে । যাৰ বাবে তেওঁলোকে বনভূমি বেদখলমুক্ত হোৱাটো নিবিচাৰে ৷’’

বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে চলোৱা অভিযানক একাংশ লোকে বিৰোধিতা কৰা প্ৰসংগতো মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে (Crackdown on child marriage in Assam) ৷ তেওঁ কয় যে, তেওঁলোকে 14 বছৰীয়া ছোৱালী বিয়া দি মানুহৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে । বে-আইনী কামৰ বিৰুদ্ধে বিজেপিয়ে বাধা প্ৰদান কৰিবই । ১৪ বছৰীয়া ছোৱালী বিয়া দি 30, 32 বছৰত দহটাকৈ সন্তান জন্ম দিয়াটো তেওঁলোকে বিচাৰে ৷

ইফালে, আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰি অসমৰ 12খন আসন বিজেপিয়ে দখল কৰি বুলি দাবী কৰে (Lok Sabha election 2024) ৷ লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিতো বিজেপিৰ জয় নিশ্চয় বুলি দাবী কৰে যদিও কলিয়াবৰ লোকসভা সমষ্টিৰ ক্ষেত্ৰত অনিশ্চয়তা প্ৰকাশ কৰে ৷ ইফালে বুঢ়া লুইতৰ পানী শুকাই যোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত এই বিষয়ে অৱগত নহয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

বৃহস্পতিবাৰে নগাঁৱত বিজেপি কাৰ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, জিলা বিজেপিৰ সভাপতি অভিজিত নাথ ৷

লগতে পঢ়ক: Tripura Assembly Elections 2023 : শান্তিপূৰ্ণভাৱে ত্ৰিপুৰাত চলি আছে ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.